ডিজিটিল সংবাদ, ধেমাজিঃ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি ধেমাজিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ দলৰ ধেমাজি জিলা সমিতিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদৰ মাজত তেওঁলোকে স্মাৰ্ট মিটাৰ শীঘ্ৰেই বন্ধ কৰা, ইতিমধ্যে বি পি এল আৰু এ পি এল বা অন্য বিদ্যুৎ মাচুল দিয়া মিটাৰসমূহ পুনৰ গ্ৰাহকক ঘুৰাই দি সেইসমূহ গ্ৰাহকক লগাই দিয়াৰ ব্যৱস্থা কৰা,স্মাৰ্ট মিটাৰ লগাবলৈ গৈ সাধাৰণ জনতাক ভয়-ভাবুকি দিয়া ঠিকাদাৰসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহন কৰাৰ আদিৰ দাবী উত্থাপন কৰে।
প্ৰায় তিনি শতাধিক কৰ্মীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ প্লে'কাৰ্ডলৈ স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ খুলি পেলাব লাগিবই, বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাই শীঘ্ৰেই পদত্যাগ কৰক, বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি শ্লোগান দি কাড়িচুকৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে সমদল কৰি গৈ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ প্ৰদৰ্শন কৰে।
ইফালে প্ৰতিবাদস্থলীতে এখন সভা অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ ভুঞাঁ আৰু উপ-সভাপতি যুগল গগৈয়ে বিদ্যুৎ বিভাগ আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গ্ৰাহকৰ ঘৰত ভয়- ভাবুকিৰে লগোৱা স্মাৰ্ট মিটাৰসমূহ শীঘ্ৰেই খুলি নিবলৈ দাবী জনায় ৷
এপিডিচিএলৰ এই কাণ্ডহীন কাৰ্য্যৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ জনাই আহিছোঁ বুলি তেওঁলোকে বক্তব্যত উল্লেখ কৰি মাত্ৰ দুই মাহৰ আগৰলৈকে ১৩৫০ টকাত লগাই থোৱা ডিজিটেল মিটাৰসমূহ এৰোৱাই কেৱল কোম্পানী আৰু ঠিকাদাৰৰ স্বাৰ্থতেই এই চৰকাৰে বিদ্যুৎ বিভাগে গ্ৰাহকৰ ঘৰত স্মাৰ্ট মিটাৰ নামৰ ডকাইত মিটাৰ লগাই এশ টকাৰ ঠাইত এহেজাৰ আৰু দুশ টকাৰ ঠাইত দুহেজাৰ টকা লুটি গ্ৰাহকৰ মুৰত ৰামটাঙোন সোধাইছে বুলিও অভিযোগ কৰে।
কাৰ্য্যসূচীৰ শেষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ হৈ সভাপতিদ্বয় অভিজিৎ খনিকৰ আৰু মন্টু কাৰ্ডং , সম্পাদকদ্বয় অতনু চেতিয়া আৰু নবদ্বীপ বৰগোহাঁই আৰু ধেমাজি জিলা সমিতিৰ ৰাইজৰ দলৰ হৈ সভাপতি আনন্দ দলে আৰু সম্পাদক অধিবক্তা বীৰেন্দ্ৰ গগৈয়ে স্বাক্ষৰিত একোখনকৈ স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীৰলৈ প্ৰেৰণ কৰে ৷
Also Read: ধেমাজি ছুপাৰ মাৰ্কেটত জৈৱিক কৃষি খাদ্যৰ বিপণন কেন্দ্ৰ মুকলি...