চিচিবৰগাঁৱত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজহুৱা সভা

ধেমাজি জিলা সমিতি গঠন

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁৱত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজহুৱা সভা

ডিজিটেল সংবাদ, চিলাপথাৰ : অতীজৰে পৰা অসমত বসবাস কৰি অহা ইছলামধৰ্মী গৰীয়াসকলে আজিকোপতি ভূমিপুত্ৰৰ স্বীকৃতি পাবলৈ সক্ষম হোৱা নাই । বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰেপৰা অসমত বসবাস কৰি অহা এই গৰীয়া জনগোষ্ঠীটো অৱহেলিত আৰু অনাদৃত হৈ আহিছে ।

গৰীয়াসকলৰ উন্নয়ন আৰু আত্ম প্ৰতিষ্ঠাৰ স্বাৰ্থত গঠন হোৱা সদৌ অসম গৰীয়া জাতীয় পৰিষদে অসমৰ গৰীয়াসকলক একত্ৰিত কৰি তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । গৰীয়া জাতীয় পৰিষদৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত চিচিবৰগাঁও জামে মছজিদৰ প্ৰাংগনত মঙলবাৰে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।

সভাত সভাপতিত্ব কৰে সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি নেকিব আলীয়ে । সভাত পৰিষদৰ ধেমাজি জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মিৰাজ আলী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চৈয়দউদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

সভাতেই পৰিষদৰ পুৰণি জিলা সমিতিখন ভংগ কৰি পুতুল আহমেদক সভাপতি আৰু চমিম আলীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৪১ জনীয়া ধেমাজি জিলা সমিতি গঠন কৰা হয় । দুই শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা সভাখনত গৰীয়াসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় ।

Also Read: উত্তৰ- পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতি সন্দৰ্ভত নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক

চিলাপথাৰ ধেমাজি