ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা ১৩ কিলোমিটাৰ নিলগৰ চমৰাজানত শনিবাৰে বিয়লি ৪-৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তথ্যমতে এখন এল্ট গাড়ী আৰু ট্ৰেইলাৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷
এই দুৰ্ঘটনাত এল্ট গাড়ীখন সম্পূৰ্ণ ৰূপে ধ্বংস হোৱা লগতে থিতাতে নিহত হয় অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক। জানিব পৰা মতে ধেমাজি দিশৰ গৈ থকা এল্ট AS-01EC3486 এল্ট গাড়ী আৰু লখিমপুৰ দিশৰ পৰা আহি থকাখন UP52P4764 নম্বৰৰ ট্ৰেইলাৰখনৰ লগত মুখামুখি সংঘৰ্ষ হয়।
এল্ট গাড়ী খনত থকা আৰক্ষী বিষয়াজন উপ-পৰিদৰ্শক কুলধৰ নেওগ বুলি জানিব পৰা গৈছে। কুলধৰ নেওগৰ ঘৰ তেজপুৰত। তেওঁ বৰ্তমানে যোৰহাট জিলাত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বুলি জানিবলৈ পোৱা গৈছে।