লেখক-সাংবাদিক ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থ উন্মোচন

লেখক-সাংবাদিক ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
লেখক-সাংবাদিক ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, ধেমাজিঃ বিশিষ্ট লেখক-সাংবাদিক, প্ৰকৃতিকৰ্মী ৰয়েল পেগুৰ 'জাতীয়তাবাদ-প্ৰকৃতি আৰু অন্যান্য' নামৰ গ্ৰন্থখন দেওবাৰে জোনাইৰ ঙাচাৰচুক উকোমত উন্মোচন কৰা হয়। অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ উদ্যোগত অনুষ্ঠিত হোৱা তথা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ড০ হৰকান্ত পেগুৱে সঞ্চালনা কৰা সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ দীপক কুমাৰ দলেয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে গ্ৰন্থখন।

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেয়ে গ্ৰন্থ উন্মোচনী ভাষণত লেখক-সাংবাদিক, প্ৰকৃতিকৰ্মী ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থখন অসমৰ সাহিত্য জগতলৈ অমূল্য সংযোজন বুলি উল্লেখ কৰি গ্ৰন্থখনে পাঠক ৰাইজৰ পৰা সমাদৰ লাভ কৰিব বুলি কয়। জাতীয়তাবাদৰ পৰা পৰিৱেশ সংৰক্ষণলৈ ৰয়েল পেগুৰ লেখাত বলিষ্ঠ আৰু বস্তুনিষ্ঠ বিশ্লেষণ আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে।

সাংবাদিক বিজয় বৰিয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগুৱে নিজৰ ভাষণত ৰয়েল পেগু এগৰাকী সাহসী লেখক বুলি মন্তব্য কৰি সম্প্ৰতি দুৰ্বল তথা সন্দেহৰ আৱৰ্তত সোমাই পৰা জাতীয়তাবাদক নিৰ্মোহ বিশ্লেষণ আৰু তীক্ষ্ণ সমালোচনা কৰি ছদ্মবেশী জাতীয়তাবাদক সাৱধানবাণী শুনাবলৈ লেখক পেগুৱে সাহস কৰা বুলি কয়। মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ সুখলতা ফুকন গগৈ, অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট লেখক-শিল্পী পেঞ্চনাৰ ইন্দ্ৰেশ্বৰ পেগু, জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত এ চি ই হৰিপ্ৰসাদ মিলি, বিশিষ্ট কবি-প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালাই বক্তব্য প্ৰদান কৰি লেখক ৰয়েল পেগুক শলাগ লোৱাৰ লগতে 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থখন পাঠকে আদৰি ল'ব বুলি মন্তব্য কৰে।

লেখক ৰয়েল পেগুৱে নিজৰ বক্তব্যত ঐক্যবদ্ধ, নিভাঁজ তথা প্ৰগতিশীল জাতীয়তাবাদেহে অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰি বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে- সাংবাদিক, লেখক, সমাজ সচেতক, প্ৰকৃতিকর্মীৰ ৰয়েল পেগুৰ ‘জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থখনত জাতীয়তাবাদৰ প্ৰসংগত আৰু সাম্প্ৰতিক সময়ত সন্দেহৰ আৱৰ্তত পৰা জাতীয়তাবাদৰ বিভিন্ন ঘটনা প্রবাহৰ ওপৰত বহুকেইটা আলোচনা আগবঢ়াইছে। লেখক পেগুৱে জাতীয়তাবাদৰ ওপৰত নিজস্ব ধাৰণা স্পষ্ট কৰি কয় যে- ‘নিভাঁজ তথা ঐক্যবদ্ধ জাতীয়তাবাদেহে বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব। ভাষাৰ ভিত্তিত আৰু সাংস্কৃতিক সমন্বয়ৰ দ্বাৰা জাতীয়তাবাদ সুস্থ হ'ব পাৰে।'

জাতীয় সংগঠন, জাতীয়তাবাদ আৰু সুবিধাবাদৰ প্ৰসংগ উত্থাপন কৰি লেখকে ছদ্মবেশী জাতীয়তাবাদক সাৱধান কৰি দিয়ে। লেখকে অধিক লগতে কয় যে- ‘স্বকীয় ভাষা- সাহিত্য, কৃষ্টি-সংস্কৃতিয়েই একোটা জাতিসত্তাৰ প্ৰাণস্পন্দন। জাতি প্রথম, তাৰ পিচতহে দল-ৰাজনীতি।' তদুপৰি গ্ৰন্থখনত সমাজ জীৱনৰ বিভিন্ন জ্বলন্ত মৌলিক সমস্যা আৰু পৰিৱেশ সংৰক্ষণৰ বিভিন্ন প্ৰাসংগিক বিষয়ৰ লেখা সন্নিৱিষ্ট কৰিছে। ৰয়েল পেগুৰ গ্ৰন্থ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য'ৰ প্ৰতিটো পৃষ্ঠাই অতি গুৰুত্বপূৰ্ণ। য'ত গৱেষণাৰ বহু সমল আছে।

উল্লেখযোগ্য যে বিভিন্ন সামাজিক আৰু প্ৰকৃতি সংগঠনৰ লগত জড়িত সাংবাদিক-লেখক ৰয়েল পেগুৰ 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থৰ উপৰি ইতিমধ্যে ‘মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি', বৰ্ষাৰণ্য পবা ’(২০১৪), 'অৰণ্য-জনাৰণ্য' (২০১৫), ‘সমাজ-সংস্কৃতি আৰু অন্যান্য' (২০১৮), 'বৰ্ষাৰণ্য পবা— শতিকাগৰকা দুলুঙৰ জীৱ-বৈচিত্ৰ্য' (২০১৮), 'ৰৌদ্ৰোজ্জ্বল প্ৰভাত' আদি গ্রন্থ প্রকাশ পাইছে। তদুপৰি পেগুৱে একুৰিৰো অধিক বিভিন্ন গ্রন্থ সম্পাদনা কৰিছে।

উক্ত অনুষ্ঠানত শিশু শিল্পী পৰ্বিকা শৰ্মাই এক কবিতা আবৃত্তি কৰে। উন্মোচনী সভাখনত ধেমাজি ডায়েটৰ জ্যেষ্ঠ অধ্যাপক জুনিশ পাতিৰ, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ প্ৰান্তিকা শৰ্মা, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক প্ৰদীপ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু দলে, কমল সিং দলে, ছেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা উপেন পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, সম্পাদক তথা সাংবাদিক ভাস্কৰজ্যোতি টায়েং, বৰশইকীয়া অফছেটৰ স্বত্বাধিকাৰী দেৱজিৎ বৰশইকীয়া, কাৰ্মুক পেগু, জোনাই প্ৰেছ ক্লাবৰ সম্পাদক মনোজ প্ৰজাপতি, সাংবাদিক দেৱেন টায়ুং, প্ৰাণজিৎ দলে, হৰেণ চাৰহ, কৰবী দলে, দিগন্ত পেগু, সত্য হাজৰিকা, সুৰজ কুমাৰ পাণ্ডে, জোনা ডেকা, সবিতা ডেকা পেগু আদিয়ে উপস্থিত থাকে।

প্ৰণিধানযোগ্য যে, ৩২ টা উচ্চমানৰ প্ৰবন্ধ সন্নিৱিষ্ট কৰা 'জাতীয়তাবাদ, প্ৰকৃতি আৰু অন্যান্য' গ্ৰন্থৰ প্ৰকাশক 'অসম বুক ট্ৰাষ্ট', গুৱাহাটীৰ নিতুল নেওগ, প্রচ্ছদ/লেআউট পংকজ পৰাণ আৰু মূল্য ২৫০ টকা।

Also Read: ঘোষণা হ'ল এই বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা

book release