ডিজিটেল সংবাদ, ধেমাজিঃ সীমান্তৱৰ্তী পানবাৰীত সোমবাৰে অৰুণাচলীয়ে গুলীয়াই হত্যা কৰা বৰবিলা চুতীয়াকাৰি গাঁওৰ বগা চুতীয়া আৰু মিলনপুৰ গাঁৱৰ মনিতু গগৈৰ পৰিয়াল আৰু আহতসকলৰ পৰিয়ালক এককালীন সাহাৰ্য প্ৰদান । মৃত লোকৰ পৰিয়াবৰ্গক ৫ লাখকৈ আৰু আহতসকল ক্ৰমে অকনি বুঢ়াগোহাঁই, পুষ্প গগৈ আৰু জগত গগৈক ১ লাখ টকাকৈ মঙলবাৰে একালীন সাহাৰ্য প্ৰদান।
এই সাহায্য চেক দ্বাৰা প্ৰদান কৰিছে ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁ, ধেমাজি জিলা পৰিষদৰ সভাপতি মহন গগৈয়ে পৰিয়ালৰ গৃহত গৈ বিতৰণ কৰে । নিহত আৰু আহতৰ পৰিয়ালক এই সাহাৰ্য প্ৰদান কাৰ্যক অঞ্চলবাসীয়ে সলাগ লৈছে ।
Also Read: প্ৰায় বিষয়তে ৯০ৰো ওপৰ, কম্পিউটাৰতে নাহিল তেজস্বিনীৰ নম্বৰ...