চিমেন চাপৰিত আজিৰে পৰা সপ্তদশ ভাগৱত পাঠ

সুললিত ভক্তি গীতেৰে সিক্ত হৈ থাকে বৰ্ষণমুখৰ পৰিৱেশ

author-image
Asomiya Pratidin
New Update
চিমেন চাপৰিত আজিৰে পৰা সপ্তদশ ভাগৱত পাঠ

ডিজিটেল সংবাদ,চিমেন চাপৰি : চিমেন চাপৰি আঞ্চলিক বৰনামঘৰৰ উদ্যোগত চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত আৰু ৩ নং চিমেন চাপৰি মিলনজ্যোতি নামঘৰৰ আতিথ্যত শনিবাৰৰ পৰা ২৬ ফেব্ৰুৱাৰী লৈ হাতত লোৱা কাৰ্যসূচীৰে আৰম্ভ হ'ল সপ্তদশ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ৷ মিলনজ্যোতি নামঘৰত হোৱা অনুষ্ঠানৰ আৰম্ভণি দিনাৰ পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰা হয়।

ইয়াৰ পিছতে আৰম্ভ হয় নাম-প্ৰসংগ। সুললিত ভক্তি গীতেৰে সিক্ত হৈ থাকে বৰ্ষণমুখৰ পৰিৱেশ। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত লখিমপুৰ নাওবৈচাৰ মোহন পাঠকৰ লগতে যোৰহাট, ডিব্ৰুগড়, দুলীয়াজান আৰু ধেমাজিৰ বহু ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে।

সামৰণি দিনা বিশেষ আকৰ্ষণ হিচাপে যোৰহাট জাঁজীৰ পৰা দিহাৰত্ন কমলা গগৈয়ে ভাগৱত তত্ত্ব ব্যাখ্যা ও টোকাৰী গীত পৰিৱেশ কৰিব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জনাইছে। উল্লেখ্য যে প্ৰথম দিনটোৰ কাৰ্যসূচীত অঞ্চলটোৰ বহু ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

Also Read: ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিলাৰায় দিৱস উদযাপন

Bhagawat