বানৰ সমান্তৰালকৈ চিলাপথাৰ অঞ্চলত অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া

স্থায়ী আৰু দীৰ্ঘম্যাদী আঁচনি ৰূপায়নৰ দাবী টি এম পি কেৰ
বানৰ সমান্তৰালকৈ চিলাপথাৰ অঞ্চলত অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া
Published on
Updated on

ডিজিটেল সংবাদ,চিলাপথাৰ : চিমেন আৰু ডিমৌ নদীয়ে চিলাপথাৰ অঞ্চলত ধাৰণ কৰিছে কালৰূপ। বানৰ সমান্তৰালকৈ নৈয়ে বৃহত্তৰ অঞ্চলটোত অৱ্যাহত ৰাখিছে প্ৰচণ্ড খহনীয়া। ইয়াৰ ফলত নদীত জাহ গৈছে বহু ঘৰ-বাৰী,কৃষিভূমি।

ফেনে ফোটোকাৰে উপচি উঠা চিমেন আৰু ডিমৌ নদীত দিবা নৈশে অব্যাহত আছে তীব্ৰ গৰাখহনীয়া। উল্লেখ্য যে বিগত এটা দশকতে চিমেন নদীৰ গৰা খহনীয়াই সামৰিলে ৪খনকৈ গাঁও, বিশাল কৃষি ভূমিৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ বিশাল বনভূমি।

সম্প্ৰতিও বুকু কঁপোৱা শব্দৰে চপৰা চপৰে খহি আছে নদীৰ গৰা। বৃহস্পতিবাৰে নদীখনে সৃষ্টি কৰা খহনীয়াই আনন্দ নগৰৰ ৫ খনকৈ ঘৰৰ ক্ষতিসাধন কৰে। একেদৰে আৰ্চি মাজৰবাৰীতো অব্যাহত আছে ডিমৌ নদীৰ তাণ্ডৱ।

তীব্ৰ খহনীয়াই ইতিমধ্যে চিলাসূতি পঞ্চায়তৰ আৰ্চি মাজৰবাৰিত উটুৱাই নিলে চাৰিখনকৈ ঘৰ। অঘৰলৈ পৰ্যবসিত হ'ল দুৰ্ভগীয়া পৰিয়াল কেইটা।

ইপিনে বান খহনীয়াৰ ক্ষয় ক্ষতি বুজ লোৱাৰ উদেশ্যে শুকুৰবাৰে টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙৰ নেতৃত্বত সংগঠনৰ এটা সঁজাতি দলে নদী দুখনৰ ক্ষয়িষ্ণু অংশ পৰিদৰ্শন কৰে। নৈপৰীয়া অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰি শীঘ্ৰে দীৰ্ঘম্যাদী আৰু উন্নত প্ৰতিৰোধী আঁচনী ৰূপায়ন কৰি ৰাইজক সুৰক্ষা দিয়াৰ দাবী জনাই সংগঠনটোৱে। স্থায়ী আৰু দীৰ্ঘম্যাদী আঁচনি ৰূপায়নৰো দাবী টি এম পি কেৰ।

বানৰ সমান্তৰালকৈ চিলাপথাৰ অঞ্চলত অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া
মঙলদৈৰ মোৱামাৰীত চাঞ্চল্যকৰ ঘটনা : পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in