চিলাপথাৰত ফৌজাদাৰী নতুন আইন সম্পৰ্কে সজাগতা সভা

চিলাপথাৰত ফৌজাদাৰী নতুন আইন সম্পৰ্কে সজাগতা সভা

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ফৌজাদাৰী নতুন আইন সম্পৰ্কে সজাগতা সভা

ডিজিটেল সংবাদ,চিলাপথাৰ: শনিবাৰে ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। ভাৰত চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ৩খন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পৰ্কে ৰাইজক অৱগত কৰাৰ উদ্দেশ্য চিলাপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সভাখন অনুষ্ঠিত কৰে।

ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণ,ধেমাজি জিলা সাংবাদিক সংস্থা,ডিমৌ মহাবিদ্যালয়‌ আৰু NSS গোটৰ সহযোগত সভাখনৰ আয়োজন কৰা হয়। চিলাপথাৰ প্ৰেছ ক্লাবৰ সভাপতি নয়নমনি মহন্তই আঁতধৰা সভাখনিৰ সভাপতিত্ব কৰে ডিমৌ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গজেন মিপুনে।ইয়াৰ পাছতেই আদৰণি ভাষণ ৰাখে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জীৱন কোঁৱৰে।

ইফালে ডিমৌ মহাবিদ্যালয়ৰ NSS গোটৰ হৈ মৃদুল মিন্টু দলে আৰু চিলাপথাৰ প্ৰেছ ক্লাবৰ হৈ সহকাৰী সম্পাদক মোহন পাংগিঙে আঁতধৰা সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি অতিথি সকলক আদৰণি জনায়। ইয়াৰ পিছতেই মুখ্য আইন সুৰক্ষা পৰিষদৰ চৰকাৰী অধিবক্তা গোপীনাথ সন্দিকৈয়ে নতুনকৈ প্ৰণয়ন কৰা আইন ৩খনৰ সামগ্ৰিক দিশ উল্লেখ কৰি বক্তব্য প্ৰদান কৰে।

সভাত উল্লেখ কৰে যে,ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমান আইনৰ ঠাইত ক্ৰমে ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মকে ধৰি নতুন আইন তিনিখনৰ দফাসমূহৰ সম্পৰ্কে অতি সহজকৈ তন্ন তন্নকৈ বৰ্ণনা কৰে৷

বক্তব্যত তেওঁ এই নতুন আইন তিনিখনে সামাজিক বাস্তৱতা আৰু অপৰাধৰ সৈতে মোকাবিলা ফলপ্ৰসূৰ ক্ষেত্ৰতো মত প্ৰকাশ কৰে ৷ ইয়াৰ পাছতেই শলাগৰ শৰাই আগবঢ়াই চিলাপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক লবি ৰাম বড়ীয়ে ।

এই সভাত ডিমৌ মহাবিদ্যালয়ৰ উপাধ্যক্ষ খেলন্ত সোণোৱাল,অধ্যাপক-অধ্যাপিকা,শিক্ষক লক্ষীন্দ্ৰ সোণোৱাল,ৰঞ্জন শৰ্মা, ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা,টি এম পিকে ,এম এম কেৰ বিষয়ববীয়া,অঞ্চলৰ ৰাইজে, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,সংবাদ কৰ্মী কল্যাণ গগৈ,মহম্মদ নামৰুজ, জামছেদ আলম,সুনীতা শৰ্মা, মানি কান্ত টায়ে,বৃষ্টি পাংগিং, বসন্ত ফয়েল আদি উপস্থিত থাকে।

Also Read: সৰ্প দংশন কৰা মহিলাৰ প্ৰাণ ৰক্ষা কৰিলে কচুৱা মডেল হাস্পতালৰ চিকিৎসকে...

silapathar