চিলাপথাৰত "বিজ্ঞান আৰ্হি প্ৰদৰ্শন"

চিলাপথাৰত "বিজ্ঞান আৰ্হি প্ৰদৰ্শন"
Published on
Updated on

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰত ভাৰতৰত্ন প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালামৰ জন্মদিনৰ লগত সংগতি ৰাখি "বিজ্ঞান আৰ্হি প্ৰদৰ্শন" কৰা হয়। চিলাপথাৰ পদ্ম সৰস্বতী বিদ্যামন্দিৰ চিলাপথাৰত আজি উদযাপন কৰা হয় ভাৰতৰ প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি ড: এ.পি.জে. আব্দুল কালামৰ জন্মদিন। মিছাইল মানৱ খ্যাত বৰেণ্য ব্যক্তিজনৰ পবিত্ৰ জন্ম দিনটোৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বিজ্ঞান ভিত্তিক আৰ্হি প্ৰদৰ্শন।

ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান মনষ্ক বৌদ্ধিক চেতনা আৰু জাগ্ৰত কৰাৰ লক্ষ্যৰে পদ্ম সৰস্বতী বিদ্যা মন্দিৰ চিলাপথাৰে এই বিজ্ঞান আৰ্হি প্ৰদৰ্শন অনুষ্ঠিত কৰে। কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি বিজ্ঞান আৰ্হি প্ৰতিযোগিতাৰ লগতে ড: কালামৰ মহৎ বাণী লিখন প্ৰতিযোগিতা অনুষ্ঠিত হয়।অনুষ্ঠানটিত অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যাপক সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ ওপৰিও অঞ্চলটোৰ বহু বিশিষ্ট শিক্ষক,সমাজ কৰ্মী,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

চিলাপথাৰত "বিজ্ঞান আৰ্হি প্ৰদৰ্শন"
সৰিয়হৰ ডুলিতে ভূত! জনতা ভৱনত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী বিষয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in