ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ নগৰৰ বিধ্বস্ত বাট পথ মেৰামতিৰ বাবে ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ৰাইজক যমৰ যাতনা ভোগাই অহা তথা জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা চিলাপথাৰৰ শোচনীয় পথ প্ৰখৰ ৰ'ডত নিৰ্মাণ কৰিলে যুৱ ছাত্ৰৰ শতাধিক কৰ্মী আৰু ছাত্ৰ সমাজে।
হাতে হাতে কোৰ,বেলছা লৈ আকাজনৰ পৰা চিলাপথাৰ নগৰলৈ মৰণফান্দত পৰিণত পথৰ অংশবোৰ মেৰামতি কৰে ছাত্ৰ কৰ্মীৰ দলে। লক্ষণীয় যে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অকাজানৰ পৰা চিলাপথৰ নগৰলৈ প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা বৰ্তমান ব্যৱহাৰৰ উপযোগী হৈ থকা নাই।
ঠায়ে ঠায়ে দুই তিনি ফুট পৰ্যন্ত দ' আৰু বোকা পানীৰে পৰিপূৰ্ণ শোচনীয় অৱস্থাই নিতৌ সংঘটিত কৰিছে বহু দুৰ্ঘটনা। দীৰ্ঘদিনে মেৰামতিৰ অভাৱত এৰাই অহা পথৰ আলকতৰা, বালিৰ অৱশিষ্টই ব্যাহত কৰি তুলিছে যাতায়ত। বৰ্তমান গো-বাটতকৈ নিম্নমানৰ হৈ পৰা মূল নগৰ পথৰ এই অৱস্থাই অতিষ্ঠ কৰি তুলিছে ৰাইজক।
ৰাইজে হাজাৰ প্ৰাৰ্থনা জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই চৰকাৰী বিভাগে। ৰাইজক যমৰ যাতনা ভোগাইৰ অহা পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে ছাত্ৰ কৰ্মীৰ দলটোৱে। অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে।