পুনৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ যুৱক : পৰিয়ালৰ মাজত হাহাকাৰ...

পুনৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ যুৱক : পৰিয়ালৰ মাজত হাঁহাকাৰ...
পুনৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ যুৱক : পৰিয়ালৰ মাজত হাঁহাকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ চিলাপথাৰঃ অসমৰ পৰা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক সন্ধানহীন হোৱাৰ খবৰ নতুন নহয় । বহিঃৰাজ্যত সঘনে সংঘটিত হ'ব ধৰিছে অসমৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা ।

বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ পুনৰ এজন চিলাপথাৰৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইজন চিলাপথাৰ সমবায় গাঁৱৰ যুৱক উত্তম ভঁৰালী । ২২ বছৰীয়া যুৱকজনে যোৱা ব'হাগ মাহত বিবাহপাশত আবদ্ধ হোৱাৰ পিছতে একে মাহতে কৰ্মসংস্থাপন বিচাৰি চিমেনচাপৰি মাছখোৱা গাঁৱৰ ৰঞ্জিত বৰা নামৰ যুৱকজনৰ লগত তামিলনাডুলৈ যায় ।

তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ কয়ম্বটোৰৰ ওচৰৰ ভেংগাডোৰ নামৰ ঠাইত ইউনিটেক নামৰ কোম্পানীৰ শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল উত্তম । যোৱা শনিবাৰে তেওঁৰ পেটৰ বিষ হোৱাত পুৱাই চিকিৎসালয়লৈ বুলি ওলাই যায় ।

তাৰ পিছৰেপৰা যুৱকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকৰ লগতে তেওঁৰ লগত থকা লগৰীয়াসকলে । সেই সন্দৰ্ভত তেওঁৰ লগত বসবাস কৰা লগৰীয়া কেইজনে তামিলনাডুৰ শ্ৰীপেৰুমবাদুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই ।

আনহাতে যুৱকজনৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ পৰিয়ালৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যুৱকজনক বিচাৰি উলিয়াবলৈ অসম চৰকাৰক কাতৰ আহ্বান জনাইছে নিৰুদ্দিষ্ট উত্তমৰ মাতৃ আৰু পত্নীয়ে ।

যদি কোনো লোকে উত্তমক দেখা পায় তেন্তে পৰিয়ালৰ 6901581866 নম্বৰৰ খবৰ দিবলৈ ৰাইজলৈ আহ্বান জনাইছে ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ যুৱক : পৰিয়ালৰ মাজত হাঁহাকাৰ...
বজাৰত বিক্ৰী টাটা মটৰছৰ নকল সামগ্ৰী, আৰক্ষীৰ তালাচীত জব্দ লাখ লাখ টকাৰ সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in