চিলাপথাৰত উছৱমুখৰ পৰিৱেশত "অমৃত কলহ"ৰ যাত্ৰা

চিলাপথাৰত উছৱমুখৰ পৰিৱেশত আৰম্ভ হ'ল বিজেপিৰ "অমৃত কলহ"ৰ যাত্ৰা।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত উছৱমুখৰ পৰিৱেশত "অমৃত কলহ"ৰ যাত্ৰা

ডিজিটেল সংবাদ, ধেমাজিঃ চিলাপথাৰত উছৱমুখৰ পৰিৱেশত আৰম্ভ হ'ল বিজেপিৰ "অমৃত কলহ"ৰ যাত্ৰা। উৎফুল্লিত বিধায়কে দেশভক্তি গীতেৰে চিলাপথাৰ অঞ্চলৰ উজনি চিচি টঙানিৰ চেকাই নামঘৰীয়াত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ "অমৃত কলহ" যাত্ৰাৰ আৰম্ভ কৰে।

জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে উদ্বোধন কৰা এই যাত্ৰাত বহুলোকে যোগদান কৰে। জনগোষ্ঠীয় সাজ-পাৰ পৰিধান কৰি গীত-নৃত্যৰে বিধায়কজনক আদৰি নিয়ে অঞ্চলবাসীয়ে। ঘৰে ঘৰে এমুঠিকৈ মাটি দান কৰি চৰকাৰী কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনায় নৈ-পৰীয়া ৰাইজে।

ৰাইজৰ ব্যাপক সঁহাৰিত উৎফুল্লিত হৈ বিধায়ক তথা বি জে পিৰ ৰাজ্যিক মুখপাত্ৰ ভূবন পেগুয়ে দেশভক্তিমূলক গীত গাই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।‌ এই কাৰ্যসূচীয়ে ৰাইজৰ মনত স্বদেশ প্ৰেমৰ ভাৱ উদ্বুদ্ধ কৰিব বুলি উল্লেখ কৰে।

Also Read: প্ৰথম দিনাই ৫টা পদকেৰে 'এছিয়ান গেমছ-২০২৩'ত উজলিছে ভাৰতীয় খেলুৱৈ

GOVT OF ASSAM