ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ অঞ্চলটোৰ হেজাৰ হেজাৰ লোকে লেন-দেন কৰা চিলাপথাৰ শাখা ডাকঘৰত সোমবাৰে পুৱাই হুৱা দুৱা লাগে। হঠাৎ কোনো অজ্ঞাত কাৰণত জ্বলি উঠে ডাকঘৰ।
পুৱাৰ ভাগতে কাৰ্যালয়টোৰ দিশে ধোৱা দেখি স্থানীয় লোক উপস্থিত হৈ জুই প্ৰত্যক্ষ কৰি হুৱা দুৱা লগায়। খিৰিকি, টেবুলৰ লগতে কেতবোৰ নথি পত্ৰ আৰু আচবাব জ্বলি চাৰখাৰ হয় এই অগ্নিকাণ্ডচত।
ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় উক্ত স্থানত । আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰি খাণ্ডৱ দাহ হোৱাৰ পৰা ৰক্ষা কৰে ডাকঘৰটোক।