ডিজিটেল সংবাদ, ধেমাজিঃ ধর্ষণকাৰী পিতৃক গ্ৰেপ্তাৰৰ দাবীত চিলাপথাৰত মহিলা সুৰক্ষা ঐক্য মঞ্চৰ ৰেলী। ৰেলীৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাবলু চুতীয়াক গ্ৰেপ্তাৰৰ দাবীত দেওবাৰে মহিলাসকলে উত্তপ্ত কৰি তোলে চিলাপথাৰ থানা। উল্লেখ্য যে, যোৱা ১৬ ছেপ্টেম্বৰত খোদ অভিযুক্তৰ পত্নীয়ে কন্যাক বন্দুক দেখুৱাই পিতৃয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ তথা জঘন্য কাণ্ডৰ অভিযোগ উত্থাপন কৰি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল।
এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(২)(চি)/৩৫৪বি আৰু ৮/৪ অৱ পচকো এক্ট-২০১২ (POCSO act -2012)'ৰ অধীনত গোচৰ পঞ্জীয়ন কৰে। পিছে গোচৰ পঞ্জিয়নৰ ১০ টা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত্ব নকৰাত দেওবাৰে চিলাপথাৰত মহিলা সুৰক্ষা ঐক্য মঞ্চৰ সদস্যসকলে চিলাপথাৰ নগৰৰ মাজেৰে এক বিশাল সমদল বাহিৰ কৰে।
হাতে হাতে প্লেকাৰ্ড লৈ বাবলু চুতীয়াক গ্ৰেপ্তাৰ কৰক, বাবলু চুতীয়াক ফাঁচী দিয়ক, অসম পুলিচ হাই হাই, নাৰীৰ সুৰক্ষা নিশ্চিত কৰক আদি শ্লগান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় থানাত। অহা ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে অভিযুক্তক আটক নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে মহিলাসকলে।
Also Read: চিলাপথাৰত উছৱমুখৰ পৰিৱেশত "অমৃত কলহ"ৰ যাত্ৰা