ভূমি সমস্যা সমাধানৰ দাবীত জোনাইত অৱস্থান-ধৰ্মঘট পালন

ভূমি সমস্যা সমাধানৰ দাবীত জোনাইত অৱস্থান-ধৰ্মঘট পালন
Published on
Updated on

ডিজিটেল সংবাদ,জোনাই : সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত গোৰ্খা ৰাইজৰ ভূমি সমস্যা সমাধানৰ দাবীত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। গোৰ্খা জনগোষ্ঠীৰ ভূমি সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শ শ আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ পিছত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত উল্লেখ কৰা মতে বিগত নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বি জে পি দলে অসমত বসবাস কৰা গোর্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতিমতে গোর্খাসকলক ডি-ভোটাৰ মুক্ত কৰা আৰু বিভিন্ন সংৰক্ষিত ট্ৰাইবল বেল্ট আৰু ব্লক সমূহত বসবাস কৰা গোৰ্খা জাতিৰ লগতে অন্যান্য জনগোষ্ঠীক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰে।

কিন্তু ইয়াক পৰৱৰ্তী সময়ত কাগজে-কলমে ৰূপায়ণ নোহোৱাত ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে। বিশেষকৈ গোর্খা জনবসতি বহুল অসমৰ বিভিন্ন জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলে চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীসমূহক অৱজ্ঞা কৰাৰ লগতে গোৰ্খাসকলৰ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা অটুট ৰখাৰ ক্ষেত্ৰত আৰু গোর্খাসকলক ডি-ভোটাৰ মুক্ত কৰা ক্ষেত্ৰত বিজেপি চৰকাৰে দুমুখীয়া নীতি অৱলম্বন কৰিছে।

অতি পৰিতাপৰ বিষয় যে, ধেমাজি জিলাৰ অন্তৰ্গত মুৰ্কংচেলেক ট্ৰাইবল বেল্টত বসবাস কৰা সংৰক্ষিত শ্ৰেণীৰ তালিকাত পূর্বে অন্তর্ভুক্ত "নেপালী Culvators & Graziers "ৰ সলনি ২০১১ চনৰ পূৰ্বৰ পৰা বসবাস কৰা গোর্খাসকলক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা আজি প্রায় ২বছৰ অতিক্ৰম হ'ল। ইয়াৰ পিছতো গোৰ্খাসকলক আজি পৰ্য্যন্ত 'মিছন বসুন্ধৰা'ৰ অধীনত ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনাক ধূলিসাৎ কৰি জোনাই মহকুমা প্রশাসনে গোর্খাসকলক নিৰন্তৰভাৱে হাৰাশাস্তি কৰি আহিছে।

জোনাই চক্ৰ বিষয়াই পর্যাপ্ত নথি পত্ৰ থকাৰ পিচতো গোর্খাসকল জনজাতীয় আবেষ্টনী এলেকাৰ বাসিন্দা নহয়। লগতে Assam Land & Revenue Regulation 1886 ৰ দশম অধ্যায়ৰ অধীনত সংৰক্ষিত শ্ৰেণীত নপৰে বুলি কাৰণ দৰ্শাই মাটিৰ আবেদনসমূহ নাকচ কৰিছে।

তদুপৰি আচৰ্যজনকভাৱে পৰ্যাপ্ত নথি-পত্রসহ বিভাগীয় কর্তৃপক্ষক বিষয়টো অৱগত কৰোৱাৰ পিচতো একেই যুক্তিত বিভাগীয় কর্তৃপক্ষ অটল থকাটো পৰিলক্ষিত হৈছে। আনহাতে ডি-ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো অনুৰূপ ধৰণেৰে বিভাগীয় কর্তৃপক্ষই কোনো পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ নকৰা পৰিলক্ষিত হৈ আছে।

বিভাগীয় কর্তৃপক্ষই গোর্খা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ তথা দায়বদ্ধতা প্ৰদৰ্শন নকৰা বুলি উল্লেখ কৰে। লগতে কাণ্ড জ্ঞানহীন মন্তব্য প্রদানেৰে গোৰ্খাসকলৰ ভূমিৰ পট্রা আবেদনসমূহ নাকচ কৰাত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিযে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

ফলত সদৌ অসম গোর্খা ছাত্ৰ সন্থাই স্মাৰক পত্রত অসম চৰকাৰে গোর্খাসকলক ট্ৰাইবল বেল্ট আৰু ব্লকসমূহত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ পিচতো জোনাই মহকুমাৰ মহকুমাধিগতি আৰু জোনাই ৰাজহ চক্ৰ বিষয়াই পট্টাৰ বাবে পৰ্যাপ্ত নথি-পত্ৰসহ আবেদন কৰা গোর্খা জনগোষ্ঠীৰ ৫শৰো অধিক আবেদনকাৰীক স্থায়ী বাসিন্দা নহয় আৰু সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় বুলি আবেদনসমূহ নাকচ কৰি গোর্খা ৰাইজক অপমান কৰাৰ অভিযোগ তোলে। এই সম্পৰ্কে জোনাই ৰাজহ চক্ৰ বিষয়াক গোর্খা ৰাইজৰ ওচৰত অতিশীঘ্ৰে ক্ষমা খোজাৰ দাবী জনাইছে।

তদুপৰি মুৰ্কংচেলেক ট্ৰাইবল বেল্টত ২০১১ চনৰ আগৰ পৰা বসবাস কৰা গোর্খাসকলৰ ভোটৰ তালিকা আৰু আনুসংগিক নথি-পত্ৰৰ আধাৰত ভূমি সমস্যা সমাধান কৰি বিনাচৰ্তে ভূমিৰ পট্টা প্ৰদান কৰাৰ বাবে স্মাৰক পত্ৰত উল্লেখ কৰে। আনহাতে অসম চৰকাৰে অসমৰ খিলঞ্জীয়া গোর্খাসকলৰ দীর্ঘদিনীয়া নায্য দাবী আৰু অধিকাৰসমূহ পূৰণৰ ক্ষেত্ৰত লোৱা সকলোবোৰ পদক্ষেপ, নির্দেশানাৱলী আৰু জাননীসমূহ বিনাচৰ্তে বিভাগীয় কর্তৃপক্ষই কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

ইফালে চৰকাৰৰ নিৰ্দেশাৱলীক অৱমাননা কৰা বিষয়াসকলক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি অসমৰ প্রশাসনিক ক্ষেত্রখনক সংস্কাৰ সাধন কৰা, ডি-ভোটাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰতিটো জিলাৰ বিভাগীয় কর্তৃপক্ষক কাৰ্যকৰী কৰি অতি কম সময়ৰ ভিতৰত এই সমস্যা সমাধনৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

ভূমি সমস্যা সমাধানৰ দাবীত জোনাইত অৱস্থান-ধৰ্মঘট পালন
বিদ্যুৎ ক'ত ? বিষ্ণুৰাম মেধি চিকিৎসালয়ত মোবাইলৰ পোহৰত কৰিব লগা হৈছে চিকিৎসা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in