চিলাপথাৰৰ বিশিষ্ট সমাজকৰ্মী নিলোৎপল ৰাজকোঁৱৰৰ মৃত্যু

চিলাপথাৰৰ বিশিষ্ট সমাজকৰ্মী নিলোৎপল ৰাজকোঁৱৰৰ মৃত্যু

Published on

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ অঞ্চলৰ ডিমৌ শান্তিপুৰ অঞ্চলৰ নিবাসী নিলোৎপল ৰাজকোঁৱৰৰ মঙলবাৰে পুৱা আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি ঘটে। চিলাপথাৰ অঞ্চলটোৰ ভিতৰতে এজন অতি মেধাবী ব্যক্তি হিচাপে পৰিচিত নিলোৎপল ৰাজকোঁৱৰে কিছুদিনৰ পৰা যকৃৎৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

মঙলবাৰে পুৱাৰ ভাগত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ চিলাপথাৰ অঞ্চলটো গভীৰ শোকৰ ছাঁ পৰে ।

উল্লেখ্য যে, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নিলোৎপল ৰাজকোঁৱৰ আহোমৰ ৰাজ পৰিয়ালৰ শেষৰজন ৰজা পুৰন্দৰ সিংহৰ নিকটাত্মীয় আছিল‌ বুলি বহুতে কয়। ৰাজকোঁৱৰৰ ১৯৫৭ চনত অৰুণাচলচল প্ৰদেশৰ লোহিত জিলাৰ চৌখামত জন্ম হৈছিল।

অৰুণাচল প্ৰদেশতে শিক্ষা জীৱন আৰম্ভ কৰা ৰাজকোঁৱৰে গোৱালপাৰা সৈনিক স্কুলত উচ্চ মাধ্যমিক শিক্ষা শেষ কৰি দিল্লীৰ চেন্ট ষ্টিফেন কলেজৰ পৰা ১৯৭৮ বৰ্ষত স্নাতক পৰীক্ষা উত্তীর্ণ হয়। ইয়াৰ পিছতে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা ১৯৮১ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

সুখ্যাতিৰে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰাৰ পিছতো চৰকাৰী চাকৰি নকৰি ৰাজনৈতিক দলত যোগদান কৰে। ৰাজকোঁৱৰ ১৯৮৫ ৰ অগপ চৰকাৰ দিনত শিক্ষক নিযুক্তি ব'ৰ্ডৰ ধেমাজি জিলাৰ অধ্যক্ষ আছিল। পিছত আলফাৰ শুভাকাঙ্ক্ষী হোৱা হেতু ১৯৯০ চনৰ ৰাষ্ট্ৰপতি শাসনৰ বজৰং অপাৰেশ্যনত টাডা আইনত লখিমপুৰ জেলত কাৰাবাস খাটিছিল।

কাৰাবাসত থকাৰ সময়তে ১৯৯১ চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়কৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। চিৰকুমাৰ হৈ থকা ৰাজকোঁৱৰে ২০০৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিয়ে আৰু ২০০৩ চনৰ পৰা ২০১৫ চনলৈ কংগ্রেছ দলৰ ধেমাজি জিলাৰ প্ৰধান সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠন,অনুষ্ঠান আদিয়ে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।

চিলাপথাৰৰ বিশিষ্ট সমাজকৰ্মী নিলোৎপল ৰাজকোঁৱৰৰ মৃত্যু
মানকাচৰ-মেঘালয়ত শান্তিপূৰ্ণভাৱে প্ৰতিমা বিসৰ্জন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in