মাদুৰীপথাৰ ট্ৰাক চালক সন্থাৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত

মাদুৰীপথাৰ ট্ৰাক চালক সন্থাৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত
Published on
Updated on

ডিজিটেল সংবাদ,চিলাপথাৰঃ দেওবাৰে মাদুৰীপথাৰ ট্ৰাক চালক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে ট্ৰাক চালক সন্থাই।এক ভয়ংকৰ ঘটনাক চূড়ান্তভাৱে অৱজ্ঞা কৰাৰ প্ৰতিবাদত অৰুণাচলৰ সকলো ধৰণৰ ব্যৱসায়িক যান-বাহনৰ চলাচল ৮ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয় চালক সন্থাই। এই সময়ত অসমলৈ অহা ব্যক্তিগত যান-বাহনৰ কোনো ক্ষয়-ক্ষতি সংঘটিত হ'লে তাৰ বাবে চালক সন্থা জগৰীয়া নহ'ব বুলিও ঘোষণা কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২২আগষ্টত অৰুণাচল প্ৰদেশৰ দাপৰিজুত অসমৰ সঞ্জয় নাথ নামৰ এজন নিৰীহ গাড়ী চালকৰ হত্যাৰ প্ৰতিবাদত সীমান্ত অঞ্চলত চেপা উত্তেজনাঅ বিৰাজ কৰিছিল। চিলাপথাৰ মাদুৰিপথাৰৰ সঞ্জয় নাথ নামৰ ট্ৰাক চালক জনক ঘটনাৰ দিনা নিৰ্মম ভাৱে হত্যা কৰি নদীৰ পাৰত পুতি ৰাখিছিল ঘাটকে।

ঘটনা সংক্ৰান্তত ইতিমধ্যে দুজনমান অভিযুক্তক গ্ৰেপ্তাৰ কৰে প্ৰদেশখনৰ আৰক্ষীয়ে।ইপিনে হত্যাকাৰীক চৰম শাস্তি দিয়া,নিহত চালকৰ পৰিয়ালক এককালীন অৰ্থ সাহাৰ্য প্ৰদান,অৰুণাচলত অসমৰ চালকৰ নিৰাপত্তা নিশ্চিত কৰা আদি চাৰি দফীয়া এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল চিলাপথাৰ চালক সন্থাই। স্মাৰকৰ দাবী পূৰণৰ সময় বান্ধি দিছিল ৩দিন।

পিছে ৩দিনৰ পিছতো কোনো অৰুণাচল প্ৰদেশৰ প্ৰশাসনে সামান্য সঁহাৰি নজনোৱাত ক্ষোভত ফাটি পৰে প্ৰতিবাদকাৰী। অৰুণাচল প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই চালক সমাজে। গতিকে গোচৰটো অসম অথবা সীমান্তৱৰ্তী লিকাবালিৰ আদালতত বিচাৰ চলোৱা দাবী জনায় সন্থায়। পৰৱৰ্তী সময়ত দাবী পূৰণ নহ'লে চালক সন্থাই ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলি সকীয়াই দিয়ে।

মাদুৰীপথাৰ ট্ৰাক চালক সন্থাৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত
ঢকুৱাখনাত বিশাল বাঃতাক সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in