'কা' বাতিলৰ দাবীত ধেমাজিত অৱস্থান ধৰ্মঘট...

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগ
“কা” বাতিলৰ দাবীত ধেমাজিত অৱস্থান ধৰ্মঘট...
“কা” বাতিলৰ দাবীত ধেমাজিত অৱস্থান ধৰ্মঘট...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈকে ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে ৷

পৰিষদৰ দুইশতাধিক কৰ্মীয়ে কা’ আমি নামানো, কা’ আইন বাতিল কৰক, অসম চৰকাৰ হুচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লোগান দি হাতে- হাতে বেনাৰ, পোষ্টাৰ প্লে'কাৰ্ড লৈ উত্তাল কৰি তোলে ৷

কাৰ্য্যসূচীত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বিষ্ণু শৰ্মা, জিলা সমিতি সভাপতি জ্ঞান শৰ্মা, জিলাৰ যুটীয়া সম্পাদকদ্বয় তপন শইকীয়া আৰু ভূপেন দিহিঙীয়াই বক্তব্যত অসমীয়া জাতি বিদ্বেষী তথা অসাংবিধানিক নাগৰিকত্ব সংশোধনী গৃহীত হোৱাৰ পিছত অস্তিত্ব সংকটয়ে নহয় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে । অসমীয়া জাতি, কা বলবৎ হোৱাৰ পিছত তাৎক্ষণিককভাৱে ভাষাৰ গৰিষ্ঠতাৰ ভিত্তিত অসম এখন বঙালী ভাষা প্ৰধান ৰাজ্য হৈ পৰিব বুলি উল্লেখ কৰে৷

এনে এক ভয়াবহ ভৱিষ্যতৰ আশংকা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা অসমৰ সকলো থলুৱা খিলঞ্জীয়া ৰাইজক এই জাতি ধবংসী আইন বিৰোধিতা কৰা লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ কাৰ্য্যসূচী লৈ যাব বুলি সকিয়াই দিয়ে ৷

অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে উপস্থিত থাকি জাতি ধবংসী আইন কা বিৰুদ্ধ বক্তব্য ৰাখি ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ৷ শেষত জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

“কা” বাতিলৰ দাবীত ধেমাজিত অৱস্থান ধৰ্মঘট...
কঠিয়াতলীৰ বজাৰত হত্যাৰ বলি চৰকাৰী গাওঁবুঢ়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in