চিচিবৰগাঁৱক উপ-জিলা ঘোষণা : চৰকাৰক ধন্যবাদ ৰাইজৰ

চিচিবৰগাঁৱক উপ-জিলা ঘোষণা : চৰকাৰক ধন্যবাদ ৰাইজৰ
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি : শুকুৰবাৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ শততম কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যৰ আন প্ৰান্তৰৰ লগতে ধেমাজি জিলাৰ অন্যতম বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল চিচিবৰগাৱঁক উপ-জিলা হিচাপে ঘোষণা কৰে।

চৰকাৰৰ এই ঘোষণাকলৈ ধেমাজি জিলাৰ চিচিবৰগাওঁবাসী ৰাইজৰ মাজত ব্যাপক উচাহ দেখা যায়। চিচিবৰগাঁৱক উপ-জিলা ঘোষণা কৰাত উৎফুলিত ৰাইজে চিলাপথাৰ নগৰৰ ৰাজপথত সমবেত হৈ ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে।

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই উপ জিলা ঘোষণা কৰাত বিভিন্ন জাতি- জনগোষ্ঠীৰ দল সংগঠন আৰু ৰাইজৰ মাজত দেখা গ'ল আনন্দৰ লহৰ। জিলাখনৰ ভিতৰতে পুৰণি অঞ্চল তথা নৱ গঠিত বিধানসভা সমষ্টি চিচিবৰগাঁৱক উপ-জিলা ঘোষণাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনক বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ধন্যবাদ জনায়।

চিচিবৰগাঁৱক উপ-জিলা ঘোষণা : চৰকাৰক ধন্যবাদ ৰাইজৰ
কটালতলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু চেগুন কাঠ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in