ডিজিটেল সংবাদ, ধেমাজিঃ মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ক'লা , বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফলত ধেমাজি জিলাই ক'লা শাখাত ৯০.৭৪% বিজ্ঞান শাখাত ৮৪ .৯৮% আৰু বাণিজ্য শাখাত ৯২.৫৩% লাভ কৰিবলৈ সক্ষম হৈছে ৷জিলাখনৰ ক'লা বিভাগত মুঠ পৰীক্ষাত অৱৰত্তীৰ্ণ হোৱা ৭৩৬৫ গৰাকীৰ ভিতৰত ৬৬৮৩ গৰাকীয়ে উত্তীৰ্ণ হৈছে । ইয়াৰে প্ৰথম বিভাগত ৮২৭ গৰাকী, দ্বিতীয় বিভাগত ৩০৬৬ গৰাকী আৰু তৃতীয় বিভাগত ২৭৯০ গৰাকীয়ে উৰ্ত্তীৰ্ণ হৈছে ৷
ৰাজ্যিক ভিত্তিত ধেমাজি জিলাই ক'লা শাখাত প্ৰথম স্থান লাভ কৰিছে । ক'লা শাখাৰ উত্তীৰ্ণ হাৰ ৯০.৭৪% ৷ বিজ্ঞান শাখাৰ মুঠ অৱৰত্তীৰ্ণ হোৱা মুঠ ২৬২৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ ২২৩৪ গৰাকীয়ে উত্তীৰ্ণ হৈছে । ইয়াৰে প্ৰথম বিভাগত ৮৫৭ গৰাকী, দ্বিতীয় বিভাগত ১০৮৩ গৰাকী আৰু তৃতীয় বিভাগত ২৯৪ গৰাকীয়ে উত্তীৰ্ণ হৈছে ৷
বিজ্ঞান বিভাগৰ উৰ্ত্তীৰ্ণ হাৰ ৮৪.৯৮% ৷ একেদৰে বাণিজ্য শাখাত মুঠ ৪৯৫ গৰাকীয়ে অৱত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ভিতৰত ৪৫৮ গৰাকীয়ে উত্তীৰ্ণ হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ৭৭ গৰাকীয়ে দ্বিতীয় বিভাগত ২২৫ গৰাকীয়ে আৰু তৃতীয় বিভাগত ১৬৫ গৰাকীয়ে উত্তীৰ্ণ হৈছে ৷ বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ ৯২.৫৩% হোৱা লগতে ৰাজ্যিক ভিত্তিত ধেমাজি জিলাই বাণিজ্য শাখাত পঞ্চম স্থান লাভ কৰিছে ৷
Also Read: অৰুণাচলীয়ে গুলীয়াই হত্যা কৰা দুই লোকৰ পৰিয়ালবৰ্গলৈ ৫ লাখকৈ, আহতসকলক ১লাখ টকাৰ সাহাৰ্য...