ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি হিচাপে সোমবাৰে ভাস্কৰ দুৱৰাই আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ এই উপলক্ষে সোমবাৰে জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত এখনি সভা অনুষ্ঠিত হয়৷ জিলা কংগ্ৰেছৰ উপ-সভাপতি টংকেশ্বৰ দুৱৰী সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল দলেয়ে ৷
জিলাখনৰ মণ্ডল ,পঞ্চায়ত আৰু ৱাৰ্ডৰ পৰা অহা প্ৰায় পাচঁ শতাধিক কৰ্মীসকলৰ উপস্থিতত জিলা কংগ্ৰেছৰ নতুন সভাপতি ভাস্কৰ দুৱাৰাক মণ্ডল, পঞ্চায়ত, ৱাৰ্ডৰ কৰ্মীসকলে একোখনকৈ ফোলাম গামোচাৰে উষ্ম আদৰণি জনায় ৷ সভাত অতিথি হিচাপে উপস্থিত থাকি লাহৰিঘাট সমষ্টিৰ বিধায়ক ড° আচিফ মম্মদ নাজাৰে বক্তব্যত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে লোক সভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিতৰি মানসিকভাৱে অন্তদণ্ডত ভোগী সুস্থভাৱে কোনো কামেই কৰিব পৰা নাই ৷ তাতে আকৌ যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে জয়লাভ কৰিছে ৷ গৌৰৱৰ জয় লাভ মুখ্যমন্ত্ৰী হিমন্তৰ বাবে অতি সন্মানৰ প্ৰশ্ন বিষয় হৈছে৷ সেইবাবে হিমন্তক সকলো সময়তে কংগ্ৰেছৰ ভোট খেদি ফুৰে ৷ অকল সেয়ে নহয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী একেই অৱস্থাত হৈছে বুলিও বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷
সভাত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ শৈলেন সোনোৱাল, প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগু ,প্ৰদেশ কংগ্ৰেছৰ অ বি চি কোষৰ সভাপতি অধিবক্তা যুগল বুঢ়াগোঁহাই , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দেৱ চেতিয়া , জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী সকল ক্ৰমে পূৰ্ণ কান্ত পেগু ,হেম লাগাছু , প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি নিতু বৰগোহাঁই , প্ৰাক্তন জিলা কংগ্ৰেছৰ সম্পাদক প্ৰদীপ বৰুৱা ,প্ৰাক্তন বিষয় ববীয়া ক্ৰমে প্ৰদীপ কোঁৱৰ ,জগত বুঢ়াগোঁহাই ,অকন গগৈ আৰু প্ৰাক্তন জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰানী গগৈকে ধৰি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷ সভাত সকলোৱে বক্তব্যত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ সাজু হবলৈ ৰণকৌশল প্ৰস্তুত কৰি সাংগঠনিক কামকাজৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ সকলোৱে একমত হয় ৷
Also Read: ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান: নিৰ্যাতনৰ অপৰাধত ২০বছৰৰ কাৰাদণ্ড