জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত বাঃতাগা সমাৰোহ

জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত বাঃতাগ সমাৰোহ

author-image
Asomiya Pratidin
New Update
জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত বাঃতাগা সমাৰোহ

ডিজিটেল সংবাদ, জোনাই: মিচিংসকলৰ জাতীয় সংগঠন‌ টি এম পি কে, এম‌ এম‌ কে‌ আৰু টি এম এম কেৰ জোনাই জিলা সমিতিৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি মহকুমাৰ ভিত্তিত বাঃতাগা (গাঁও) সমাৰোহ এখন অনুষ্ঠিত হয়। টি এম পি কে, এম‌ এম‌ কে‌ আৰু টি এম এম কেৰ জোনাই জিলা সমিতিৰ সভাপতি ক্ৰমে সঞ্জয় কুম্বাং, দুৰ্গেশ্বৰ দলে আৰু দীপিকা পেগু সভাপতিত্বত অনুষ্ঠিত হোৱা বাঃতাগা সমাৰোহখন টি এম পি কেৰ সভাপতি তিলক দলেয়ে উদ্বোধন কৰি মিচিং সংগ্ৰামক আগুৱাই নিবলৈ মিচিং ৰাইজে ঐক্যবদ্ধ বাবে আন্দোলনৰ লগতে সংসদীয় ৰাজনীতিৰ সংগ্ৰম আগুৱাই নিব লাগিব‌ বুলি মন্তব্য কৰে।‌‌

সভাপতি তিলক দলেয়ে অসম চৰকাৰে মিচিং, ৰাভা, তিৱা স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ‌ মৰ্যাদা প্ৰদানৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ‌ প্ৰস্তাৱ প্ৰেৰণ কৰাক উল্লেখ কৰে। কিন্তু মিচিং সংগ্ৰামক আগুৱাই যোৱাত বাধা দিবলৈ চেষ্টা কৰা অপশক্তিক সকীয়াই দিয়ে। সভাপতি তিলক দলেয়ে কয়, অংগনৱাডী কেন্দ্ৰ নিৰ্মাণৰ ধন আত্মসা কৰি জে'ললৈ যোৱা ৰাজু মেদকক সকীয়াই দি মিচিং সংগ্ৰামক বাধা‌ দিয়া আৰু ভাগ‌ ভাগ কৰিব বিচৰা অপশক্তিক মিচিং ৰাইজে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি মন্তব্য কৰে। মিচিং ভাষাক অসমৰ ২ শ খন‌‌ প্ৰাথমিক বিদ্যালয়ত পাঠদানৰ বাবে অনুমোদন জনোৱাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি জোনাইৰ ৰক্ষা কৱচ স্বৰূপ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক কালি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ ঐতিহাসিক স্বীকৃতিক সদৰি কৰি পবা অভয়াৰণ্যৰ আন্দোলন আৰু অগ্ৰণী পৰিৱেশৰ সংগঠন ছেভ পবা ৰেইন ফৰেষ্টৰ নাম উল্লেখ কৰি পবা বাচিলেহে জোনাই বাচিব আৰু বন্যপ্ৰাণী অভয়াৰণ্য লৈ উন্নীত কৰিলে হে পবা বাচিব থাকিব‌ বুলি মন্তব্য কৰে। টি এম পি কেৰ জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক মিগম দলেয়ে আত ধৰা সভাত বিধায়ক ভুবন পেগুৱে‌ জোনাই মহকুমাৰ ব্ৰহ্মপুত্ৰ পাৰত মথাউৰিসহ পথ নিৰ্মাণ কৰা, জোনাই লক্ষীনেপালী বস্তিৰ পৰা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত পথ নিৰ্মাণ কৰাৰ লগতে জোনাই সমষ্টিৰ জৰীপ বিহীন গাঁৱৰ ভূমি জৰীপ কৰি পট্ট দিয়াৰ অগ্ৰগতি সন্দৰ্ভত উল্লেখ কৰে।

ভূৱন পেগুৱে অসম চৰকাৰে মিচিং স্বায়ত্তশাসিত পৰিষদক পৰিষদ এলেকাত দলং নিৰ্মাণ বাবে ২ শ কোটি দলং, বিভিন্ন নদীৰ বান-খহনীয়া প্ৰতিৰোধ বাবে ১শ কোটি আৰু শিক্ষানুষ্ঠাৰ আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে ২৫ কোটি আবণ্টন দিয়া বুলি কৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক স্বীকৃতি প্ৰদান বাবে অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ‌ পিছত‌ অহা ছমাহৰ ত্ৰিপাক্ষিক আলোচনা আৰম্ভ হ'ব‌ বুলি সদৰি কৰে। বিধায়ক ভুৱন পেগুৱে মিচিং স্বায়ত্তশাসিত পৰিষদে ষষ্ঠ অনুসূচীৰ‌ মৰ্যাদা লাভ কৰিবই লাগিব বুলি মন্তব্য কৰে। মিচিংসকলে সাংবিধানিক স্বায়ত্তশাসন লাভৰ সময়ত জাতিক ঐক্যবদ্ধ হৈ থকাৰ লগতে এই ক্ষেত্ৰত বা:তাগ কেবাঙসমূহক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।

লগতে বিধায়ক ভুবন পেগুৱে‌ জোনাই মিচিং সংগ্ৰামৰ প্ৰাণ কেন্দ্ৰ বুলি উল্লেখ কৰি‌ মিচিং সংগ্ৰামক দুৰ্বল কৰিবলৈ এই জোনাইৰ পৰা এচাম লোকে জাতিৰ মাজত বিভেদ সৃষ্টি ষডযন্ত্ৰ ৰচনা কৰা বুলি মন্তব্য কৰি জাতি বিৰোধী অপশক্তিক ৰাইজে গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি মন্তব্য কৰে। মিচিং জাতীয় সংগঠনৰ আবেদন মৰ্মে ভাৰতীয় সংবিধানত 'মিৰি'ৰ পৰা 'মিচিং' লৈ সলনিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰি সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক চোকা সমালোচনা কৰি তেওঁলোকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ষষ্ঠ অনুসূচীৰ‌ মৰ্যাদা দিয়াটো সমৰ্থন নকৰে‌ বুলি মন্তব্য কৰে।

জোনাই মহকুমা‌ৰ‌ টি এম পি কে, এম‌ এম‌ কে‌ আৰু টি এম এম কেৰ ১৮২ টা বাঃতাগ কেবাঙৰ লগতে প্ৰতিখন গাঁৱৰ পৰা অহা প্ৰায় পোন্ধৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰা বা:তাগ‌ সমাৰোহত‌ মিচিং স্বায়ত্তশাসিত পৰিষৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই অংশগ্ৰহণ কৰি দিয়া নিজৰ ভাষাত কয়, সংগ্ৰাম আৰু নিৰ্মাণৰ মাজেদি মিচিং জাতিক আত্মনিৰ্ভৰশীল আৰু প্ৰগতিশীল জাতি হিচাপে গঢ়ি তুলিব লাগিব। মিচিং গাঁৱত গুণগত শিক্ষা, জীৱন-জীৱিকাৰ উত্তৰণ, পৰ্যটন উদ্যোগ বিকাশ‌ আৰু কৰ্মসংস্কৃতি পৰিৱেশ গঢ়াত‌ গুৰুত্ব দি পৰিবৰ্তিত সময়ৰ লগত খোজ মিলাব নজনা এটা জাতি সময়ৰ সোঁতত বিলীন হৈ যায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, এম এ চিৰ অধ্যক্ষ সুনীল পেগু, উপাধক্ষ যজ্ঞেশ্বৰ কুটুম, টি এম‌ এম‌ কে‌ৰ‌ সভানেত্ৰী ইন্দিৰা চিন্তে, সাধাৰণ সম্পাদিকা শৰ্মীলা পেগু, টি এম পি কেৰ সাধাৰণ সম্পাদক চান দঞি পাংগিং , এম এম কেৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চু্ক্ৰাং উপস্থিত থাকে।

ইয়াৰোপৰি টি এম‌ পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, মূলাকন্ত পেগু, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শশীন দলে, জোনাই উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, কাৰ্মুক পেগু, অতুল পেগু, নৰেশ কুম্বাং, প্ৰশান্ত বৰি, ভৱানী দুৱৰা, গিৰীন‌ মৰাং, কনক দলে, প্ৰতাপ ঠায়ে, পদুম ৰায় আদিৰ লগতে বহু নেতা তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: ধুবুৰী বন বিভাগৰ অভিযান: অবৈধ কাঠফলা মিলৰ সৈতে কাঠ জব্দ

jonai TMPK