ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি প্ৰেছ ক্লাৱত শনিবাৰে দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ধেমাজিৰ বিশিষ্ট মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিমলা বৰগোহাঁইৰ গ্ৰন্থ “সৃষ্টি আৰু চিন্তা“ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° কবিতা গগৈয়ে ৷
ইয়াৰ পাছতেই দ্বিতীয়খন গ্ৰন্থ শিশু সাহিত্যিক উদ্দীপ্ত লেখন গগৈৰ প্ৰথমখন উপন্যাস “দা ইণ্ড“ (THE END) শীৰ্ষক ইংৰাজী গ্ৰন্থখন উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা শিল্পী ড° বনজিৎ ভট্টই ৷ গ্ৰন্থ উন্মোচনী সভাত সাহিত্যিক পেঞ্চনাৰ তথা ধেমাজি ৰত্ন উমেশ চেতিয়া, ধেমাজি চিটি কলেজৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, লোকশ্ৰী বটাঁ প্ৰাপক বিমলা গগৈ গোঁহাই, আদি উপস্থিত থাকে।
ইয়াৰোপৰি ডা° লক্ষ্য সন্দিকৈ, বিজয় দাস, মহেন্দ্ৰ নাথ কোঁৱৰ, উত্তম ফুকন ,দ্বিপেন গগৈ , ড° আশিস চৰকাৰ , ড° লক্ষী বৰগোহাঁই, ত্ৰিবেণী দাস ,ডিপ্লমা চুতীয়া , প্ৰেমানন্দ তালুকদাৰ, জীৱন কোঁৱৰ, অশ্বিনী কুমাৰ দুৱৰা, ড° পুৰৱী দুৱৰা,দিব্য গগৈ , শংঙ্খধৰ পাত্ৰ , দেৱ কাকতি উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে ধেমাজিৰ বিশিষ্ট কবি হেমচন্দ্ৰ কছাৰীয়ে ৷
উক্ত অনুষ্ঠানতে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ “ কৰুণাধাৰা”ৰ সম্পৰ্কে সাংবাদিক জীৱন কোঁৱৰে উপস্থিত ৰাইজক অৱগত কৰে ৷ “ কৰুণাধাৰা”ৰ প্ৰতি সঁহাৰি জনাই শিশু গ্ৰন্থ লিখক উদ্দীপ্ত লেখন গগৈৰ গ্ৰন্থ উন্মোচনৰ শুভ মুহূৰ্তৰ উপলক্ষে তেওঁৰ পিতৃ তথা মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° লেখন গগৈ আৰু মাতৃ বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট কবি আকাশ বন্তি গগৈয়ে নগদ এহেজাৰ টকা আৰু ধেমাজি মাৰ্ডাচ প্ৰাইউ বিদ্যালয়ৰ হৈ পৰিচালন সঞ্চালক বিজয় দাসেও এহেজাৰকৈ টকা কৰুণাধাৰালৈ আগবঢ়ায় ৷