১৮ আগষ্টত উদ্বোধন হ'ব 'বিদ্যা দ্যা লিভিং স্কুল' পুথিভঁৰাল...

পদ্মশ্ৰী য়েচে দৰজে ঠংচিয়ে কৰিব উদ্বোধন
১৮ আগষ্টত উদ্বোধন হ'ব 'বিদ্যা দ্যা লিভিং স্কুল' পুথিভঁৰাল...
১৮ আগষ্টত উদ্বোধন হ'ব 'বিদ্যা দ্যা লিভিং স্কুল' পুথিভঁৰাল...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল সুবাহী- লাইপুলিয়াত অৱস্থিত ব্যক্তিগত শিক্ষানুষ্ঠান বিদ্যা দ্য লিভিং স্কুলত অহা ১৮ আগষ্টত আনুষ্ঠানিকভাৱে পুথিভঁৰালৰ দ্বাৰ মুকলি অনুষ্ঠানটি আয়োজন কৰা হৈছে৷ দুশ শিশুৱে একেলগে অধ্যয়ন কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা দুইমহলীয়া পুথিভৰাঁলটোত দেশৰ বহু আগশাৰীৰ প্ৰকাশকৰ পৰা সংগ্ৰহ কৰি অনা প্ৰায় পাঁচ হাজাৰৰো অধিক উৎকৃষ্ট গ্ৰন্থ পুথিভঁৰালত উপলব্ধ হ'ব ৷

উল্লেখ্য যে অসমৰ প্ৰায়বোৰ শিশু উপযোগী গ্ৰন্থ আলোচনী, কাকত ইত্যাদিও এই পুথিভৰাঁলত পোৱাৰ ব্যৱস্থা কৰিছে ৷ কাৰ্য্যসূচী অনুসৰি পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষানুষ্ঠানখনৰ কলৰ আঁহ উৎপাদন ঘৰৰ দ্বাৰ মুকলি কৰিব ধেমাজি কাংকান এম্পৰি'য়ামৰ স্বত্বাধিকাৰী জেচিন কুম্বাং পাৱে ৷

ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদশৰ্নী মুকলি কৰিব ধেমাজি ঢং মাল্টি ব্ৰেণ্ডৰ ষ্ট'ৰৰ স্বত্বাধিকাৰী শৈশৱ কুমাৰ দত্তই ৷ অনুষ্ঠানত আদৰণি ভাষন দিব বিদ্যা দ্য লিভিং স্কুলৰ অবৈতনিক সঞ্চালক প্ৰধান ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

অনুষ্ঠানত বিদ্যালয়খনৰ দ্বি-মাসিক আলোচনী "বিদ্যাৰ নীড়” উন্মোচন কৰিব ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই ৷ ইয়াৰ পিছতেই মূল অনুষ্ঠান পুথিভঁৰাল দ্বাৰ উদ্বোধন কাৰ্যসূচী শুভ উদ্বোধন কৰিব পদ্মশ্ৰী, সাহিত্য একাডেমী বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক দৰজে ঠংচিয়ে ৷

একেবাৰে শেষৰ কাৰ্য্যসূচীত তিতাবৰ ডায়েটৰ প্ৰবক্তা কৃষ্ণা দত্ত ডেকাই পুথিভঁৰালৰ বুকশ্বেলফ মুকলি কৰিব ৷ অনুষ্ঠানৰ আটাইকেইটা কাৰ্য্যসূচীতে সকলোৰে উপস্থিতি কামনা কৰিছে বিদ্যা দ্য লিভিং স্কুলৰ অধ্যক্ষ পংকজ সোণাৰীয়ে ৷

১৮ আগষ্টত উদ্বোধন হ'ব 'বিদ্যা দ্যা লিভিং স্কুল' পুথিভঁৰাল...
বিনেশ ফোগাটে পাবনে ৰূপৰ পদক? দেওবাৰেহে জনাব আন্তৰ্জাতিক ক্ৰীড়া আদালতে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in