শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ বিদ্যালয়ত একাঠু পানী...

শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ বিদ্যালয়ত একাঠু পানী...

author-image
Asomiya Pratidin
New Update
শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ বিদ্যালয়ত একাঠু পানী...

ডিজিটেল সংবাদ, ধেমাজি : শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত ধেমাজি নগৰৰ মাজমজিয়াত অৱস্থিত ধেমাজি টাউন এম ই স্কুলত ঠায়ে ঠায়ে একাঠু, একঁকাল পানী। কৃত্ৰিম বানপানীৰ ফলত বিদ্যালয়খনৰ খেলপথাৰৰ লগতে শ্ৰেণীকোঠা, শিক্ষকৰ জিৰণি কোঠা, ৰন্ধন গৃহ, চাইকেল ৰখা গৃহ আদি পানীত ডুব গৈ আছে ৷

উল্লেখ্য যে, প্ৰতি বছৰে হোৱা কৃত্ৰিম বানপানী আৰু বৰষুণৰ পানীৰ ফলত বহুদিন ধৰি বাৰিষা কালত সমগ্ৰ বিদ্যালয়খন জলমগ্ন হৈ থাকে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষক-কৰ্মচাৰীসকলে অবৰ্ণনীয় সমস্যাৰ মাজেদি পাঠদান কৰিব লগা হয় ।

বিদ্যালয়খনৰ ফালৰ পৰা প্ৰধান শিক্ষকে ইতিমধ্যে বিষয় সন্দৰ্ভত চৰকাৰ তথা শিক্ষা বিভাগৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰিও আজিলৈকে কোনো সুফল পোৱা নাই বুলি জনায়। ধেমাজি নগৰৰ মাজমজিয়াত অৱস্থিত ধেমাজি টাউন এম ই স্কুলৰ এই দুৰৱস্থা দেখিও ধৃতৰাষ্ট্ৰৰ দৰে নেদেখাৰ ভাও ধৰি আহিছে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াই ৷

ৰাইজৰ লগতে অভিভাৱকসকলে ধেমাজি টাউন এম ই স্কুলৰ এই দুৰৱস্থাৰ ক্ষেত্ৰত শীৰ্ঘে ব্যৱস্থা গ্ৰহন কৰিবলৈ ধেমাজি জিলা আয়ুক্তৰ লগতে শিক্ষামন্ত্ৰী গৰাকীক দাবী জনাইছে ৷

Also Read: নতুন দিল্লীৰ বিজ্ঞান ভৱনত দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন...

school