ধেমাজি মহাবিদ্যালয়ত 'মিউজিয়াম অন দ্য মুভ' শীৰ্ষক কৰ্মশালাৰ শুভাৰম্ভণি

ধেমাজি মহাবিদ্যালয়ত 'মিউজিয়াম অন দ্য মুভ' শীৰ্ষক কৰ্মশালাৰ শুভাৰম্ভণি
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি মহাবিদ্যালয়ৰ উদ্যোগত আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সহযোগত বৃহস্পতিবাৰৰ পৰা ৩১ আগষ্টলৈকে তিনি দিনীয়াকৈ ধেমাজি মহাবিদ্যালয়ত মিউজিয়াম অন দ্য মুভ শীৰ্ষক আৰু আউটৰিচ কাৰ্য্যসূচী শুভাৰম্ভণি হয় ৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাখনি আনুষ্ঠানিকভাবে উদ্ধোধন কৰে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগে ৷

ইয়াৰ আগে অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগে৷ উদ্দেশ্যে ব্যাখ্যাত অধ্যক্ষগৰাকীয়ে কয় যে অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত চহকীঐতিহ্যৰ জৰিয়তে সাংস্কৃতিক সজাগতা বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমৰ ঐতিহ্য মিউজিয়ামৰ প্ৰয়োজনীয়তা আৰু নতুন শিক্ষা নীতিৰ আধাৰত বিদ্যায়তনিক দিশত ঐতিহ্য পৰম্পৰাও বিভিন্ন ধৰণৰ চিন্তা-চৰ্চাৰ লগতে এই বিষয়টো বিদ্যায়তনিক দিশলৈ লৈ যাব পাৰে বুলি উল্লেখ কৰে৷ উদ্দেশ্যে ব্যাখত তেওঁ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ ডাঃ ৰণোজ পেগুৰ এক নিৰ্দেশ মৰ্মে ৰাজ্যিক সংগ্ৰহালয় বিভাগৰ “ মিউজিয়ামসমূহ মহাবিদ্যালয়ত প্ৰতিষ্ঠা কৰিব লাগে” এই কাৰ্যসুচী আচঁনিৰ অধীনত ধেমাজি মহাবিদ্যালয়খনে ৰাজ্যখনৰ ভিতৰতে প্ৰথম হিচাপে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি অৱগত কৰে৷

ইফালে উদ্ধোধনী ভাষণত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীয়ে মিউজিয়াম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয়তা আৰু শিক্ষা ব্যৱস্থাৰ সৈতে থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে এক তত্বগধুৰ মন্তব্য আগবঢ়ায় ৷ আনহাতে ১৯৮৬ চনৰ পৰাই বন্ধ হৈ থকা মিউজিয়ামৰ বিভাগসমূহ পুনৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক সংগ্ৰহালয়ৰ জৰিয়তে জিলা জিলাই শিক্ষানুষ্ঠানৰ সমূহলৈ যাত্ৰা হোৱা খবৰে ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন ব্যক্তিসকলে সন্তোষ প্ৰকাশ কৰিছে৷ কৰ্মশালাত ধেমাজি কলেজ , ধেমাজি চিটি কলেজ , মৰিঢল কলেজকে ধৰি তিনি কলেজৰ ছাত্ৰ -ছাত্ৰী সকলে অংশগ্ৰহণ কৰে৷ কৰ্মশালাত ৰাজ্যিক সংগ্ৰহালয়ৰ ক্ৰমে মৃন্ময় দাস , হেমন্ত শইকীয়া আৰু বিজয় লক্ষ্মী বৰাই সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷

ধেমাজি মহাবিদ্যালয়ত 'মিউজিয়াম অন দ্য মুভ' শীৰ্ষক কৰ্মশালাৰ শুভাৰম্ভণি
হাতত ব্ৰাছ, ৰং লৈ গোলাঘাটত জাতীয় সংগঠনৰ বিশেষ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in