ডিজিটেল সংবাদ,ধেমাজি : মাছ ধৰিবলৈ গৈ যুৱকৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং লক্ষীপথাৰ কৈৱৰ্ত্ত গাঁৱত।
জানিব পৰা মতে,গাঁৱখনৰ মলয় ওৰফে মলুৱা দাস (৪২) নামৰ যুৱকজনে শুকুবাৰে দুপৰীয়াতেই হাতত জাল লৈ মাছ ধৰিবলৈ গৈ অকাল মৃত্যুক আকোঁৱালি লয়। যুৱকজনৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে ৷
ঘটনাৰ তথ্য মতে, বৰাজান সুঁতিত মাছ ধৰি থকা অৱস্থাত হঠাতে পানীত পৰি মলয় নামৰ যুৱকজন সন্ধানহীন হৈ পৰে ৷ ঘটনাৰ পাছতেই এচ ডি আৰ এফ বাহিনীয়ে পানীৰ মাজৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰোৱায় ৷
Also Read: লামডিঙত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা