ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধিং এফ আৰ ইউত দেওবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়খনত এডমিট হোৱা বেমাৰীক ম্যাদ উকলি যোৱা চেলাইন দিয়াক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।. স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত চিকিৎসা সেৱাৰ নামত দৰিদ্ৰ জনসাধাৰণক আভুৱা ভাৰাৰ লৈ ঘটনা সংঘটিত হৈছে।
জাহান্নাৰা বেগম নামৰ ধিঙৰ শলগুৰিৰ এইগৰাকী মহিলাই শনিবাৰে নিশা বুকুৰ বিষ অনুভৱ কৰাত ভৰ্তি হৈছিল ধিং এফ আৰ ইউত। আৰম্ভ হ'ল ধিং এফ আৰ ইউৰ চিকিৎসকৰ চিকিৎসা সেৱা । বেজি, চেলাইন য'ত যি লাগে তাৰে কিছুমান দিয়া হ'ল চিকিৎসালয়ৰ পৰা আৰু কিছু ঔষধ আনিব লগা হ'ল কিনি । সেইখিনিলৈকে সকলো ঠিকেই আছিল ।
কিন্তু চিকিৎসালয়ৰ ফালৰ পৰা মহিলা গৰাকীক দিয়া ম্যাদ উকলি যোৱা চেলাইনত চকু পৰিল ৰোগীৰ অভিভাৱকৰ । ম্যাদ উকলি যোৱা দুটা মাহ পাৰ হৈ যোৱা চেলাইন ৰোগীক ব্যৱহাৰ কৰাৰ পাছতেই ৰোগীৰ অৱস্থা আগতকৈ আৰু বেছি বেয়ালৈ যায় । তাৰ পাছতেই ৰোগীৰ পৰিয়ালৰ মাজত লাগিল হুৱাদুৱা।
ধিং এফ আৰ ইউৰ এই নাভূত-নাশ্ৰত কাণ্ড । তাৰ মাজতেই আকৌ নাৰ্চৰ আজৱ মন্তব্য- ''এটা ম্যাদ উকলা চেলাইন কেনেবাকৈ থাকি গ'ল। অলপমানহে চেলাইন শৰীৰৰ ভিতৰত গৈছে, পাছত আমি খুলি দিছো'' । ধিং এফ আৰ ইউৰ বাবে এয়া কোনো নতুন কথা নহয় । আগেও বহুবাৰ বহু ঘটনা ঘটি গৈছে এইখন চিকিৎসালয়ত।
এতিয়া প্ৰশ্ন হয়, চৰকাৰে দৰমহা দি চিকিৎসা সেৱাত নিয়োজিত কৰা এইসকল চিকিৎসা কৰ্মীৰ দায়িত্ব আৰু কৰ্তব্য এয়াই নেকি ? চৰকাৰে লব পাৰিব নে ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা ?
Also Read: অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক দিলীপ শৰ্মাৰ মৃত্যু