দুই বিশিষ্ট সাংবাদিকৰ মৃত্যুত জাৰ্নেলিষ্ট ফৰাম, অসমৰ শোক প্ৰকাশ

দুই বিশিষ্ট সাংবাদিকৰ মৃত্যুত জাৰ্নেলিষ্ট ফৰাম, অসমে শোক প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
দুই বিশিষ্ট সাংবাদিকৰ মৃত্যুত জাৰ্নেলিষ্ট ফৰাম, অসমৰ শোক প্ৰকাশ

ডিজিটেল ডেস্কঃ বিগত দুটা সপ্তাহত অসমৰ দুগৰাকী বিশিষ্ট সাংবাদিকৰ অকাল বিয়োগত শোক প্ৰকাশ কৰিছে জাৰ্নেলিষ্ট ফৰাম, অসমে। ফৰামখনে সাংবাদিক ধ্ৰুৱ শইকীয়া আৰু সাংবাদিক দীপাংশু দেৱ শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰি দুয়োৰে বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

ৰাইজৰ স্বাৰ্থৰ বাবে সদায়েই মাত মাতি অহা ধ্ৰুৱ শইকীয়াই আজিৰ অসম, নাগালেণ্ড পোষ্ট আদিৰ দৰে প্ৰখ্যাত বাতৰি কাকতত কৰ্মৰত আছিল। ১৭ ছেপ্টম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শইকীয়াৰ দেহাৱসান ঘটে। ধ্ৰুৱ শইকীয়াই ইহ সংসাৰত কণিষ্ঠ ভাতৃ তথা অসমৰ অধিবক্তা দেৱজিৎ শইকীয়া, দুগৰাকী ভগ্নী আৰু বহু আত্মীয়স্বজনক এৰি যায়।

আনহাতে দীপাংশু দেৱ শৰ্মাই যোৱা ৩ ছেপ্টম্বৰত সুদূৰ ডুবাইত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত শৰ্মা মবিলিটি আউটলুকৰ সম্পাদকৰূপে কৰ্মৰত আছিল। ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীত এন ই চান, অট' টেক ৰিভিও আৰু অট' মনিটৰ নামৰ অনুষ্ঠানত কৰ্মৰত আছিল। দেৱ শৰ্মাই ইহ সংসাৰত তেওঁৰ পত্নী আৰু একমাত্ৰ কন্যাৰ লগতে বহুতো গুণমুগ্ধক এৰি থৈ যায়।

Also Read: ঠিকাভিত্তিক ১৩২৪ গৰাকী কম্পিউটাৰ প্ৰশিক্ষকৰ বাবে শিক্ষামন্ত্ৰীয়ে দিলে ভাল খবৰ

social activist journalist