ধুবুৰীত CRPF ৰ ৪৮ নং বেটেলিয়নৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী...

ধুবুৰীৰ উপৰিও গৌৰীপুৰ আৰু গোলকগঞ্জতো অনুৰূপ কাৰ্যসূচী ৰূপায়ণ
ধুবুৰীত CRPF ৰ ৪৮ নং বেটেলিয়নৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী...
ধুবুৰীত CRPF ৰ ৪৮ নং বেটেলিয়নৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ধুবুৰীৰস্থিত চি আৰ পি এফ ৪৮ নং বেটেলিয়নে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। সেই অনুসৰিয়ে আজি তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰে।

এই অনুষ্ঠানত বেটেলিয়নৰ ছেকেণ্ড কমাণ্ডেণ্ট এছ এছ ছেজৱাল, সহকাৰী কমাণ্ডেণ্ট ৰোহিত পাঠককে ধৰি চিআৰপিএফৰ জোৱানসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পূৰ্বে চিআৰপিএফৰ ৪৮ নং বেটেলিয়নৰ ছেকেণ্ড কমাণ্ডেণ্ট এছ এছ ছেজৱালে সাংবাদিকৰ আগত কয়, ৰাষ্ট্ৰই হৈছে সৰ্ব প্ৰথম। ৰাষ্ট্ৰ সেৱাই হৈছে পৰম ধৰ্ম।

তেওঁ অনুষ্ঠানত ধুবুৰী জিলাৰ প্ৰতিজন ব্যক্তিকে স্বাধীনতা দিৱসৰ কাৰ্যসূচী সমূহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি জিলাখনৰ যুৱকসকলক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশ লোৱাৰ বাবে আহ্বান জনায়।

তেওঁ উল্লেখ কৰা অনুসৰি আজি ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জত ৪৮ নং বেটেলিয়নৰ উদ্যোগত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

ধুবুৰীত CRPF ৰ ৪৮ নং বেটেলিয়নৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী...
ভয়, ভাবুকি, হিংসাৰ মাজেৰে অন্ত পৰা ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in