আস্থাৰ প্ৰতীক এজোপা বট গছ

আস্থাৰ প্ৰতীক এজোপা বট গছ

author-image
Asomiya Pratidin
New Update
আস্থাৰ প্ৰতীক এজোপা বট গছ

ডিজিটেল সংবাদ,ধুবুৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গছপুলি ৰোপণৰ আহ্বান জনাই ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলাইছে। এনে সময়তে ধুবুৰী জিলাৰ ঢোৰাৰঘাটত থকা প্ৰায় ৫০০ বছৰৰো অধিক সময়ৰ অতি প্ৰাচীন এজোপা বট বৃক্ষই উপযুক্ত সংৰক্ষণৰ অভাৱত ধ্বংস হৈ যোৱাৰ দিশে গতি কৰিছে।

এনে পৰিপ্ৰেক্ষিতত পুৰণি বট গছ জোপাক লৈ স্থানীয় ৰাইজে উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজৰ মতে সেই ঢোৰাৰঘাট অন্চলৰ কাষেৰে ঐতিহাসিক গোঁহাই কমল আলিৰ পথছোৱাৰ অৱশিষ্ট আছিল।

সেই পৰিপ্ৰেক্ষিতত ঠাইডোখৰৰ গুৰুত্বও যথেষ্ট আছে বুলি জানিব পৰা গৈছে। খুব সম্ভৱত কোচ ৰজাৰ শাসন কালৰ সময়ত সেই পুৰণি বট গছ জোপাৰ সূচনা হৈছিল বুলি প্ৰবীণ লোকসকলৰ মুখত শুনিবলৈ পোৱা যায়।

প্ৰায় ৫০০ বছৰ পুৰণি এজোপা বিশাল বট গছৰ আশে-পাশে গঢ়ি উঠিছে চাৰিটাকৈ মন্দিৰ। কালী মন্দিৰ, শিৱ মন্দিৰ, হৰি মন্দিৰ আৰু নামঘৰ। ঢোৰাৰঘাট গাঁৱত থকা সেই অতি পুৰণি বট গছ খনেই স্থানীয় ৰাইজৰ বাবে হৈ পৰিছে আস্থাৰ প্ৰতীক !

যুগ যুগ ধৰি বট গছজোপাই গাঁৱখনৰ ইতিহাসৰ সাক্ষী বহন কৰি আহিছে। অতি প্ৰাচীন এই বট গছজোপাৰ ডালবোৰ মাটিৰ তললৈ নামি পৰি নতুনকৈ গছৰ গজালি মেলি এতিয়া কেবাটাও বট গছ ঠন ধৰি উঠা দেখা গৈছে।

স্থানীয় ৰাইজে বট গছৰ কাষতে থকা মন্দিৰত পূজা অৰ্চনা কৰাৰ লগতে নামঘৰত সেৱা-প্ৰাৰ্থনাও আগবঢ়াই আহিছে। স্থানীয় ৰাইজে জনোৱা মতে অতি পুৰণি এই বট গছ জোপাক লৈ ৰাইজে সুখ অনুভৱ কৰে।

কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষৰ ইতিহাস গছ জোপাই ধৰি ৰাখিছে। ৫০০ বছৰ পুৰণি এই বট গছ জোপাৰ সংৰক্ষনৰ ব্যাৱস্থা কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ খুবেই প্ৰয়োজন হৈ পৰিছে বুলি ৰাইজে মন্তব্য কৰিছে।

ঢোৰাৰঘাট বটতল মন্দিৰ কমিটীৰ সম্পাদক প্ৰণয় ৰায়ে জনোৱা অনুসৰি প্ৰায় ৫০০ বছৰৰো অধিক কাল জুৰি ইতিহাসৰ সাক্ষী ধৰি ৰখা প্ৰাচীন বট গছ জোপাৰ এতিয়া উপযুক্ত সংৰক্ষণৰ প্ৰয়োজন হৈ পৰিছে। বট গছ জোপাৰ কাষতে চাৰিটাকৈ মন্দিৰ প্ৰতিষ্ঠা হোৱা এই ঠাই ডোখৰক পৰ্যটনৰ কেন্দ্ৰ স্থল হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছে ঢোৰাৰঘাট বটতল মন্দিৰ কমিটীয়ে।

Also Read: অভিষেক মেচতে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ

HIMANATA BISWA SARMA