বিলাসীপাৰা পৌৰসভাত থলুৱা ব্যৱসায়ীক বঞ্চিত কৰি ধনৰ বিনিময়ত অনা অসমীয়াক নিৰ্মীয়মান বজাৰগৃহ আবণ্টন !

ৱাৰ্ড আয়ুক্তৰ ঘন ঘটাৰ আহিলা হৈ পৰিছে পৌৰসভা...
বিলাসীপাৰা পৌৰসভাত থলুৱা ব্যৱসায়ীক বঞ্চিত কৰি ধনৰ বিনিময়ত অনা অসমীয়াক নিৰ্মীয়মান বজাৰগৃহ আবণ্টন !
বিলাসীপাৰা পৌৰসভাত থলুৱা ব্যৱসায়ীক বঞ্চিত কৰি ধনৰ বিনিময়ত অনা অসমীয়াক নিৰ্মীয়মান বজাৰগৃহ আবণ্টন !
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ যোৱা কেইবছৰ ধৰি বিলাসীপাৰা পৌৰসভাত সংঘটিত হোৱা ধন ধৰলুকি, দুনীৰ্তি, ভ্ৰষ্টাচাৰ আদি কাৰ্যকলাপে অভিলেখ গঢ়ি তুলিছে। বিলাসীপাৰা পৌৰসভাৰ একাংশ ৱাৰ্ড আয়ুক্ত তথা পৌৰপতিকে ধৰি উপ-পৌৰপতিৰ বিৰুদ্ধে দুনীৰ্তি, ভ্ৰষ্টাচাৰ আদি কাৰ্যকলাপ পোহৰলৈ আহিছে। প্ৰাপ্ত্য বাতৰি মতে বিলাসীপাৰা চক্‌ বজাৰত নিৰ্মীয়মান ৭খন গৃহ আৱণ্টনৰ নামত ৭ গৰাকী ব্যৱসায়ীৰ পৰা বজাৰ এলেকাৰ ৱাৰ্ড আয়ুক্ত তথা উপ -পৌৰপতি চন্দন দাস আৰু পৌৰপতি মনালিছা দাসে গোপনে প্ৰতিখন দোকান গৃহৰ বাবে ১০ লক্ষ টকাকৈ ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

আনহাতে উপ-পৌৰপতি আৰু পৌৰপতিয়ে ভোগ দখল কৰি থকা থলুৱা লোকক বঞ্চিত কৰি লক্ষ লক্ষ টকা ধনৰ বিনিময়ত বহি:ৰাজ্যৰ তথা অনা অসমীয়াক উক্ত পৌৰসভাৰ নিৰ্মীয়মান ৭ খনকৈ বজাৰ গৃহৰ এটা গৃহ আবণ্টন দিয়াৰ বিপৰীতে বজাৰতখনত পূৰ্বে পৌৰসভাৰ দোকান আবণ্টন লাভ কৰা আন এগৰাকীক পুনৰ দ্বিতীয়খন দোকান গৃহ আবণ্টন প্ৰদান কৰা ঘটনাও পোহৰলৈ আহিছে।

এনে দুনীৰ্তি সংঘটিত হোৱাৰ উমান পাই যোৱা ১১ জুন তাৰিখে আবেলি শাসকীয় বিজেপি দলৰ সমৰ্থিত বিলাসীপাৰা পৌৰসভাৰ পৌৰপতিৰ কাৰ্যালয়ৰ ভিতৰত একাংশ ৱাৰ্ড আয়ুক্তই যিদৰে ভাংচুৰ কাৰ্য সংঘটিত কৰিছিল সেইসকল ৱাৰ্ড আয়ুক্তৰ মতে বজাৰ গৃহ আৱণ্টনৰ নামত ক্ষুদ্ৰ ক্ষুদ্ৰ ৭ গৰাকী ব্যৱসায়ীৰ পৰা গোপনে ধন সংগ্ৰহ কৰা বুলি অভিযোগ আনি এই লংকাকাণ্ড সংঘটিত কৰিছিল।

ঘটনাৰ সময়ত পৌৰপতি আৰু উপ-পৌৰপতি দুয়োজনে কাৰ্যালয়তে উপস্থিত নাছিল বুলি বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিছা দাস আৰু উপ-পৌৰপতি চন্দন দাসে ঘটনাৰ পিছত এখন সংবাদমেল পাতি ঘটনাৰ সবিশেষ জনায় আৰু এনে অপকাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। লগতে সংবাদমেলত বজাৰ গৃহ আৱণ্টন দিয়াৰ সময়ত সকলোকেইজন বিজেপি সমৰ্থিত ৱাৰ্ড আয়ুক্তক লৈ ব'ৰ্ডৰ সভা অনুষ্ঠিত কৰি সৰ্ব সন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

এই প্ৰস্তাৱ বিলাসীপাৰা মহকুমাধিপতিৰ ওচৰত দাখিল কৰিহে ব্যৱসায়ীসকলক ভাড়াগৃহৰ আৱণ্টন দিয়া হৈছিল। তাৰ পাছতো সেইকেইজনে নিজে নিজে উপ-পৌৰপতিৰ কাৰ্যালয়ত প্ৰৱেশ কৰি লংকাকাণ্ড কৰি চকী-মেজ ভাঙিপেলাইছিল। আনকি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰি অসমৰ স্বনামধন্য প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱৰ বেৰত আঁৰি থোৱা প্ৰতিচ্ছবিৰ ফটোখনো মজিয়াত দলিয়াই পেলাইছিল।

এনে অপকাণ্ড কাৰ্যৰ তীব্ৰ নিন্দা কৰি পৌৰপতি আৰু উপ-পৌৰপতিয়ে সংবাদমেলৰ জৰিয়তে ক্ষমা প্ৰাৰ্থনা জনায়। ইতিমধ্যে আজি বিলাসীপাৰা পৌৰসভাৰ পৌৰপতিয়ে পৌৰসভা কাৰ্যালয়ৰ ক্ষতি সাধন কৰাৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি প্ৰকৃত ঘটনা কোনে সংঘটিত কৰিলে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্ত প্ৰতিক্ৰিয়া আৰম্ভ কৰে। তাৰোপৰি শাসকীয় বিজেপি দলৰ জিলা, মণ্ডল কমিটিৰ নেতাসকললৈ ঘটনাৰ সবিশেষ লিখিতভাবে পত্র প্ৰেৰণ কৰে। উল্লেখ্য যে, বিলাসীপাৰা পৌৰসভা ব'ৰ্ডখন কিছুবছৰৰে পৰা ভঙা-গঢ়া কাণ্ড চলি আহিছে । তেনে এক ঘটনা পুনৰাবৃত্তি ঘটিব পাৰে নেকি বুলি বিলাসীপাৰা চহৰৰ সচেতন মহলৰ মাজত সন্দেহৰ সৃ্ষ্টি হৈ নানান চৰ্চাৰ বিষয় হৈ পৰিছে।

পৰিলক্ষিত যে যোৱা দুই দশক ধৰি বিলাসীপাৰা পৌৰসভাখনত চহৰখনৰ ভিন ভিন ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈ অহা প্ৰায় গৰাকী ৱাৰ্ড আয়ুক্তই পৌৰসভাখন ধন ঘটাৰ আহিলা ৰূপে ব্যবহাৰ কৰি আহিছে।

বিলাসীপাৰা পৌৰসভাত থলুৱা ব্যৱসায়ীক বঞ্চিত কৰি ধনৰ বিনিময়ত অনা অসমীয়াক নিৰ্মীয়মান বজাৰগৃহ আবণ্টন !
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in