হায় APDCL ! এমাহত ৫৭ লাখ টকাৰ বিদ্যুৎ বিল দেখি অসুস্থ গৃহস্থ...

ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱৰ সুনীল ৰায় নামৰ এগৰাকী ব্যক্তিৰ ঘৰত এমাহৰ বিদ্যুৎ ৫৭,১৫,৫,২১ টকা

author-image
Asomiya Pratidin
New Update
হায় APDCL ! এমাহত ৫৭ লাখ টকাৰ বিদ্যুৎ বিল দেখি অসুস্থ গৃহস্থ...

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ গোলকগঞ্জৰ আগমনী বিদ্যুৎ যোগান উপ-সংমণ্ডল কাৰ্যালয়ৰ আজবকাণ্ড। কাৰ্যালয়টোৰ অধীনৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱৰ সুনীল ৰায় নামৰ এগৰাকী ব্যক্তিৰ ঘৰত এমাহৰ বিদ্যুৎ যোগানৰ বিল প্ৰেৰণ কৰিলে ৫৭,১৫,৫,২১ টকাৰ।

বিল দেখি অসুস্থ‌ হৈ পৰে ঘৰৰ সদস্যসকল। যাৰ বাবে আইনৰ আশ্ৰয় লোৱাৰ চিন্তা-চৰ্চা কৰিছে পৰিয়ালটোৱে। বিদ্যুৎ যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিদিনে উত্থাপিত হৈ আহিছে বহু অভিযোগ । বিশেষকৈ অত্যাধিক বিল প্ৰেৰণ কৰি গ্ৰাহকক জ্বলা-কলা খুওৱা ঘটনা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। তাৰ মাজতে লাখৰ ঘৰত বিদ্যুতৰ বিল প্ৰেৰণ কৰা এই ঘটনাই চিন্তিত কৰিছে সাধাৰণ ৰাইজক।

উল্লখ্য, ছাগলীয়াৰ সুনীল ৰায়ে ২০০ৰ পৰা ৪০০ টকাৰ ভিতৰত প্ৰতিমাহে বিল দি আহিছে। যোৱা মাহতো তেওঁ ৩১০ টকাৰ বিল আদায় দিছে। কিন্তু চলিত মাহৰ ৫৭ লাখ ১৫ হেজাৰ ৫২১ টকাৰ বিল দেখি চকু কঁপালত উঠিছে সুনীলৰ। বিল পোৱাৰ পিছতে মানসিক চাপত ভোগী অসুস্থ হৈছে পৰিছে সুনীল। সম্প্ৰতি এই ঘটনাটোৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

Also Read: নগাঁও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভা...

GOVT OF ASSAM apdcl