ডিজিটেল সংবাদ, ধুবুৰী: অসমৰ নাট্যকৰ্মীসকলৰ বিভিন্ন সমস্যা সমাধানৰ লগত সংপৃক্ত হৈ থকা আৰু অসমৰ নাট্য আন্দোলনক সঠিক ৰূপত অধিক গতিশীল কৰাৰ বাবে চেষ্টা চলাই অহা অসম নাট্য সন্মিলনৰ বিশেষ পদক্ষেপ। অহা ১ ব'হাগৰ দিনটোত অসমৰ প্ৰতিটো প্ৰান্তৰ জেষ্ঠ্য তথা শিল্পীসকলৰ ঘৰে ঘৰে গৈ গামোচাৰে সমাজৰ অগ্ৰজ শিল্পীসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলা, মণ্ডল আৰু শাখা সমিতিসমূহক অসম নাট্য সন্মিলনে আহ্বান জনাইছে।
অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ পৰামৰ্শ অনুসৰি ব'হাগৰ প্ৰথম দিনটোতেই জেষ্ঠ্য শিল্পীসকলৰ লগতেই প্ৰতিটো অঞ্চলৰ ৰোগক্ৰান্ত হৈ থকা শিল্পীসকলৰ কাষলৈ গৈ তেওঁলোকক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ সকলো নাট্যকৰ্মীক আহ্বান জনাইছে।
অসম নাট্য সন্মিলনে লগতে বিহুৰ স্বকীয়তা আৰু মৰ্যদা অটুট ৰাখি নাট্যকৰ্মীসকলক নিজ কৰ্ম ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ লগতে নিজ নিজ কৰ্ম ক্ষেত্ৰত শিল্পীসকলক আগবাঢ়ি যোৱাৰ বাবে উৎসাহ যোগাবলৈ বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Also Read: বঢ়মপুৰত বিজেপি অবিচি মৰ্চাৰ "প্ৰবোদ্ধ নাগৰিক সন্মিলন"...