ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গোলকগন্জ আৰক্ষী থানাৰ এজন আৰক্ষীৰ বেটেলিয়নক চৰকাৰী অৰুণোদয় আঁচনিৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে আটক কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি গোলকগন্জ আৰক্ষী থানাত কৰ্মৰত অসম আৰক্ষীৰ বেটেলিয়ন জোৱান ৰাকিবুল ইছলামে বিজেপি দলৰ নেতা এগৰাকীৰ ঘনিষ্ঠ বুলি কৈ চৰকাৰী অৰুণোদয় আঁচনি দিয়াৰ নামত ধুবুৰীৰ ঝগৰাৰপাৰ এলেকাৰ একাংশ মহিলাৰ প্ৰত্যেকৰে পৰা ১০০০ টকাকৈ ধন সংগ্ৰহ কৰিছিল।
অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত জোৱানজনে পৰৱৰ্তীত ভূক্তভোগী মহিলাসকলৰ কাষ নাচাপি আঁতৰি থকাত ভূক্তভোগী মহিলাসকলৰ সন্দেহ হয়। পিচত যোৱা বুধবাৰে ভূক্তভোগী মহিলাসকলে সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সংগঠনৰ নেতৃ বৃন্দক লগত লৈ গোলকগন্জ আৰক্ষী থানালৈ গৈ বেটেলিয়নৰ জোৱান ৰাকিবুল ইছলামক সাক্ষাৎ কৰি তেঁওলোকে দিয়া টকাখিনি সেই বেটেলিয়নজনৰ পৰা ঘূৰাই বিচাৰে। তেতিয়া ৰাকিবুল ইছলামে ভূক্তভোগী মহিলাৰ দলটোক গোলকগন্জ আৰক্ষী থানাতে দুৰ্ব্যৱহাৰ কৰে।
পিচত সেই ভুক্তভোগী মহিলাৰ দলটোৱে ধুবুৰী আৰক্ষীৰ শীৰ্ষ বিষয়াক অভিযোগ কৰাত বৃহস্পতিবাৰে নিশা গোলকগন্জ আৰক্ষীয়ে বেটেলিয়নজনক জিম্মাত লৈ ধুবুৰী সদৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰে। ধুবুৰী আৰক্ষীয়ে ৰাকিবুল ইছলামক আটক কৰি বৰ্তমানে ধুবুৰী থানাতে ৰাখি তদন্ত অব্যাহত ৰাখিছে।
Also Read: ছʼনী মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ