ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পইণ্টৰ কাষত স্থাপন হ'ব ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি। এই সম্পৰ্কে আজি ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ধুবুৰী পৌৰসভাৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে ,ধুবুৰী পৌৰসভাৰ পৌৰপতি ড০ দেৱময় সান্যাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত,উপ-পৌৰপতি আই ভি লতা ৰায়,জিলা বিজেপিৰ উপ-সভাপতি গোপাল প্ৰসাদ আৰু ধুবুৰী পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড কমিচনাৰসহ বহু কেইজন ব্যক্তি।
সভাৰ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভূমি দান দিয়া প্ৰয়াত কেদাৰ প্ৰসাদ ৰাম জী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য-সদস্যাক ধুবুৰী পৌৰসভাৰ পৰা ফুলাম গামোচা, জাপি আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
এই সম্পৰ্কে ভাষণ প্ৰসংগত পৌৰসভাৰ পৌৰপতি ড০ দেৱময় সান্যালে কয়, ধুবুৰীবাসী ৰাইজৰ বহু দিনৰ এটা স্বপ্ন আছিল ধুবুৰী চহৰৰ বুকত বাজপেয়ীজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা। কিন্তু ইমান দিনে এই মূৰ্তি স্থাপনৰ বাবে ভূমি বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত আগবাঢ়ি আহিল ধুবুৰীৰ অতি পুৰণি ব্যৱসায়ী প্রতিষ্ঠান ভাটি গোলা।
উল্লেখ্য ধুবুৰী চহৰৰ হৰিসভাৰ পুলিচ পইন্টৰ কাষতে তেঁওলোকৰ এডোখৰ বহু মূল্যৱান ভূমি (দাগ নম্বৰ ১০৪ ) আছিল। উক্ত মাটি ডোখৰ আনুষ্ঠানিক ভাৱে আজি পৌৰসভালৈ হস্তান্তৰ কৰা হয়।প্ৰয়াত কেদাৰ প্ৰসাদ ৰামজী আৰু ভাটি গোলা পৰিয়ালৰ সদস্য-সদস্যাসকলৰ এই মহানুভৱতাৰ বাবে ধুবুৰীবাসী উৎফুল্লিত হৈ পৰিছে।