ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজলম সমষ্টিবাসী ৰাইজৰ বাবে অভিশাপস্বৰূপ বুলি ক্ষোভ উজাৰিলে ধুবুৰীৰ ৰাইজে। বদৰুদ্দিন আজমলে সুখচৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধত গুৰুত্ব নিদিলে মানকাচৰ বিধানসভা সমষ্টিত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি মন্তব্য কৰে মানকাচৰৰ সুখচৰৰ নৈপৰীয়া জনতাই।
লোক সভা নিৰ্বাচনৰ পূৰ্বে মানকাচৰত ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। আজমলৰ বিৰুদ্ধে ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ সাংসদ তুলিছে মানকাচৰৰ সুখচৰৰ নৈপৰীয়া ৰাইজে। নিৰ্বাচন আহিলে ভোট সংগ্ৰহৰ বাবে এজেন্ট নিয়োগ কৰে আজমলে কিন্তু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সময় নহয় সাংসদ গৰাকীৰ। গৰাখহনীয়াত নিজৰ খেতি মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা সুখচৰৰ নৈপৰীয়া ৰাইজে এইদৰে দেওবাৰে ক্ষোভ উজাৰিলে আজমলৰ বিৰুদ্ধে।
লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মানকাচৰ সমষ্টিৰ ৰাইজ আজমলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত থকা ১০ খন সমষ্টিৰ ভিতৰত মানকাচৰ সমষ্টিৰ ৰাইজে প্ৰায় ৮০ শতাংশ ভোট বদৰুদ্দিন আজমলক দিয়ে। কিন্তু সাংসদ গৰাকীয়ে বিগত দিনত মানকাচৰ বাবে কি কৰিছে? ভোট আহিলে সঘনে দেখা পোৱা আজমল বিগত ৫ বছৰে কিমানবাৰ আহিল মানকাচৰত ? এই প্ৰশ্ন এতিয়া উত্থাপিত হৈছে মানকাচৰবাসী জনতাৰ মাজত।
ইয়াৰ মাজতে দেওবাৰে সুখচৰত নৈপৰীয়া জনতাই আজমলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সুখচৰৰ মান্দাৰপাৰাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে। খহনীয়াৰ ফলত জাহ গৈছে কেবাটাও পৰিয়াল ঘৰ-মাটি। বিগত ২ বছৰৰ ভিতৰত সুখচৰৰ বৰবালু আৰু ভেৰাভাঙ্গা গাঁও নদীৰ গৰাখহনীয়াৰ ফলত ৫ শতাধিক পৰিয়াল গৃহহীন হৈছে।
অথচ এই এলেকাত খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে বিধায়ক আমিনুল ইছলাম আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নৈপৰীয়া ৰাইজে দেওবাৰে উত্তাল শ্লোগান দি আজমলক সমালোচনা কৰা পৰিলক্ষিত হৈছে।
শীঘ্ৰে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজমলক মানকাচৰ সমষ্টি অহাত নিষেধাজ্ঞা জাৰি কৰাৰ হুংকাৰ দিছে নৈপৰীয়া জনতাই।
Also Read: ৰাধা-গোবিন্দ মন্দিৰত চুৰিকাণ্ডঃ ৫টা মুৰ্তিসহ ৫লক্ষাধিক টকাৰ সামগ্ৰী চুৰি