বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰভাৱ ধুবুৰীত...

তিনি দিনৰ বাবে বন্ধ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ
বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰভাৱ ধুবুৰীত...
বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰভাৱ ধুবুৰীত...
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। দেশখনৰ সাম্প্ৰতিক পৰিস্থিতৰ বাবেই ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হৈছে ।

বাংলাদেশত সৃষ্টি হোৱা গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ প্ৰভাৱ পৰিছে সীমান্তৰ ধুবুৰী জিলাত। ফলত আজিৰে পৰা তিনি দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ধুবুৰীৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ।

বন্ধ হৈছে বাংলাদেশৰ সৈতে সকলো ধৰণৰ আমদানি আৰু ৰপ্তানি। তদুপৰি ধুবুৰীৰ সোণাহাটৰ পৰা বাংলাদেশলৈ শিল ভৰ্তি ট্ৰাকসমূহৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে শুল্ক বিভাগে।

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰভাৱ ধুবুৰীত...
ভাৰত-বাংলাদেশ সীমান্তত কাঢ়া সতৰ্কতাঃ দুয়ো দেশৰ মাজত বাতিল ৰে'ল, বিমান সেৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in