ধুবুৰীৰ গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ক'লা পতকা উত্তোলন

ধুবুৰীৰ গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ক'লা পতকা উত্তোলন
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: প্ৰতি বছৰৰ ২৮ আগষ্ট তাৰিখে আক্ৰাছুৱে পালন কৰি আহিছে প্ৰতাৰণা দিৱস বা কলা দিন। প্ৰতাৰণা দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৱে চৰকাৰী বিভিন্ন কাৰ্যালয়ত উত্তোলন কৰি আহিছে কলা পতাকা। বুধবাৰে পুৱাৰ ভাগত ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাছু যে গোলকগঞ্জ ৰাজহ চক্ৰৰ কাৰ্যালয়ত কলা পতাকা উত্তোলন কৰি বিভিন্ন শ্ল'গানেৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেনদ্ৰ নাৰায়ণ ভূত বাহাদুৰৰ মাজত হৈছিল মাৰ্জাৰ চুক্তি। চুক্তি অনুসৰি কোচবিহাৰক ''গ'' মৰ্যাদাৰ ৰাজ্য হিচাপে প্ৰদান কৰাৰ কথা উল্লেখ আছিল চুক্তি। পিছত চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে আক্ৰাছুৱে আজিৰ দিনটোত পালন কৰি আহিছে প্ৰতাৰণা দিৱস।

অবিভক্ত গোৱালপাৰা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই প্ৰতাৰণা দিৱস পালন কৰি জনজাতিকৰণ আৰু পৃথক কমতাপূৰ ৰাজ্য গঠন কৰাৰ দাবী জনায় । লগতে উল্লেখ থাকে যে অবৈধ ভাৱে মাৰ্যাৰ চুক্তি ক নস্যাৎ কৰি ২০০৩ চনত বিটিচি গঠন কৰি অবৈধ ভাৱে শ' শ' কোচ ৰাজবংশী গাঁও বিটিচিত অন্তৰ্ভুক্তি কৰা হৈছিল বুলি আজি ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ নেতৃত্বই অভিযোগ উল্থাপন কৰে।

ধুবুৰীৰ গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ক'লা পতকা উত্তোলন
বৰহোলা মহাবিদ্যালয়ৰ ৯৯ লাখ টকীয়া শ্ৰেণী কোঠা নিৰ্মাণত দুৰ্নীতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in