/asomiyapratidin/media/media_files/2025/09/17/1-2025-09-17-16-27-28.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ তম জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি অখিল ভাৰতীয় তেৰাপন্থ যুৱক পৰিষদৰ ধুবুৰী গোটে ধুবুৰীৰ তেৰাপন্থ ভৱনত এটি ৰক্তদান শিবিৰৰ আয়োজন কৰে। মুঠ ৫০ জন মহিলা-পুৰুষে এই ৰক্তদান কাৰ্যসূচীত ভাগ লৈ এক মহৎ প্ৰচেষ্টাৰ অংশীদাৰ হয়।
অখিল ভাৰতীয় তেৰাপন্থ যুৱক পৰিষদৰ ধুবুৰী গোটৰ সভাপতি মনিশ খাটেৰ, সম্পাদক অংকিত কুমাৰ মালু আৰু ৰক্তদান কাৰ্যসূচীৰ আহ্বায়ক বিকাশ কুমাৰ শেঠীয়াই উক্ত ৰক্তদান শিবিৰত ৰাইজ তথা বিভিন্ন দল-সংগঠনে উপস্থিত থাকি সহায় সহযোগিতা আগৱঢ়োৱাৰ বাবে সকলোকে বিশেষ ভাবে কৃতজ্ঞতা জ্ঞাপন কৰে।