ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫ টা শিশুসহ বহু কেইজন নিৰুদ্দেশ হোৱাৰ খবৰ...

ধুবুৰীৰ টিপকাই নদীত সংঘটিত হৈছে এই দুৰ্ঘটনা
ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫ টা শিশুসহ বহু কেইজন নিৰুদ্দেশ হোৱাৰ খবৰ...
ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫ টা শিশুসহ বহু কেইজন নিৰুদ্দেশ হোৱাৰ খবৰ...
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৫ টিকৈ শিশু নিৰুদ্দেশ হোৱাৰ লগতে ২০ জনকৈ যাত্ৰা আহত হৈছে।

জানিব পৰা মতে ধুবুৰীৰ কাউনীবাৰী সমীপৰৱৰ্তী সাধুৰ বজাৰ টিপকাই নদীত সংঘটিত হৈছে এই ঘটনা। এখন বিবাহ যাত্ৰী কঢ়িওবা যন্ত্ৰ চালিত নাও আৰু ৰলাৰ উঠোৱা দুখন নাওৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

গুৰুতৰ ভাৱে আহতসকলক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনাত প্ৰকৃততে কিমানগৰাকী যাত্ৰী নিৰুদ্দেশ হৈছে তাৰ সঠিক তথ্য এতিয়ালৈকে লাভ কৰা নাই।

ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে আটানী আৰক্ষী আৰু উদ্ধাৰকাৰী। এই ঘটনাৰ পাছতে টিপকাই নদীৰ পাৰত উঠিছে এতিয়া কেৱল কান্দোনৰ ৰোল।

ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫ টা শিশুসহ বহু কেইজন নিৰুদ্দেশ হোৱাৰ খবৰ...
'BPF, UPPL ছদ্মবেশী বিজেপি'- চিদলীৰ প্ৰচাৰ অভিযানত ভূপেন বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in