ধুবুৰীত কণীযুক্ত ইলিচ মাছ নিধনত উদ্বেগ

ব্ৰহ্মপুত্ৰৰ বুকুত পোৱা ৫০০ গ্ৰামৰ ইলিচ ৪০০ টকাত আৰু ১ কিলোগ্ৰাম ওজনৰ ইলিচ ৯০০-১,০০০ টকাত বিক্ৰী
ধুবুৰীত কণীযুক্ত ইলিচ মাছ নিধনত উদ্বেগ
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া ইলিচ মাছৰ উজান উঠিছে। ব্ৰহ্মপুত্ৰত এই বিধ মাছ খুব কম পোৱা যায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ জালত যথেষ্ট পৰিমাণে ইলিচ পৰিবলৈ লোৱা দেখা গৈছে।

উল্লেখ্য যে, প্ৰতিবছৰে অক্টোবৰ মাহৰ ১০/১২ দিনৰ  বাবে এইদৰে নৈখনত ইলিচৰ উজান উঠা পোৱা গৈ আহিছে। হেৰিং প্ৰজাতিৰ এই সাগৰীয় মাছে কণী দিবলৈ অক্টোবৰ মাহত জাকে জাকে আহি মোহনাৰে ব্ৰহ্মপুত্ৰত প্ৰৱেশ কৰাৰ বাবেই সেই সময়ছোৱাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ইলিচৰ উজান উঠে।

ধুবুৰী জিলাৰ মেদেৰটাৰী আৰু বুঢ়া-বুঢ়ী থানৰ ওচৰতে ইলিচ মাছৰ কণী দিয়াৰ উত্তম স্থান বুলি বিবেচিত হৈ আহিছে। ইফালে এই সময়ছোৱাত ব্ৰহ্মপুত্ৰত উভৈনদী হৈ পৰাত মাছমৰীয়াৰ জালত প্ৰতিদিনে বহু ইলিচ ধৰা পৰা দেখা গৈছে।

স্বাভাৱিকতে, ধুবুৰীৰ মাছ বজাৰত ইলিচৰ দামো হ্ৰাস পাইছে। ৫০০ গ্ৰাম ওজনৰ ইলিচৰ মূল্য ৪০০ টকা আৰু ১ কিলোগ্ৰাম ওজনৰ ইলিচৰ মূল্য ৯০০ৰ পৰা ১,০০০ টকাত বিক্ৰী হৈ আছে।

একেদৰে ৫০০ গ্ৰামত কৈ কম ওজনৰ ইলিচৰ মূল্য ২৫০-৩০০টকা দৰত বিক্ৰী হৈ আছে। যাৰ বাবে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত উভৈনদী হৈ পৰা ইলিচ এতিয়া ধুবুৰীৰ বজাৰৰ লগতে পশ্চিমবংগৰ শিলিগুৰি, কোচবিহাৰ, মেঘালয়, গুৱাহাটীলৈ একাংশ মাছৰ বেপাৰীয়ে চালান দি থকা বুলি জানিব পৰা গৈছে।

User

ইপিনে ব্ৰহ্মপুত্ৰ নৈত বৰ্তমানে কণীযুক্ত ইলিচ মাছসমূহ জধে-মধে নিধন কৰাৰ পিচতো ধুবুৰী জিলা মীন বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ধুবুৰীৰ বিশিষ্ট সমাজসেৱী মাছুদ জামানে। সম্প্ৰতি ব্ৰহ্মপুত্ৰ নৈত উভৈনদী হৈ পৰা ইলিচ মাছৰ সংৰক্ষণ কৰাৰ বাবে জিলা প্ৰশাসন আৰু মীন বিভাগৰ ওচৰত আহ্বান জনাইছে সমাজসেৱী মাছুদ জামানে।

ব্ৰহ্মপুত্ৰত থকা কণীযুক্ত ইলিচ মাছ যাতে জধে-মধে ধৰা নহয় সেই ক্ষেত্ৰত দৃষ্টি দিয়াৰ বাবে তেঁও ধুবুৰী জিলা মীন বিভাগৰ ওচৰত আহ্বান জনায়।

ধুবুৰীত কণীযুক্ত ইলিচ মাছ নিধনত উদ্বেগ
অসমীয়া শিপিনীয়ে হাতেবোৱা পোছাক পৰিধান কৰি অভিভূত মহিমা চৌধুৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in