ধুবুৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ধুবুৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী : স্মাৰ্ট মিটাৰে সমগ্ৰ ৰাজ্য জ্বলাই থকাৰ সময়তে এতিয়া স্মাৰ্ট মিটাৰক লৈ চলিছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। বুধবাৰে ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ ৰাজীৱ ভৱনৰ সন্মুখত দলীয় কৰ্মীসকলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী উত্থাপনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ দাবী তুলি হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ২৪ ঘণ্টাই বিদ্যুতৰ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ৰাজ্যৰ গ্ৰাহকৰ মাজত অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি জুৰুলা কৰা চৰকাৰক ধিক্কাৰ প্ৰদান কৰে কংগ্ৰেছৰ টাউন আৰু গ্ৰামীণ কমিটিয়ে।

স্মাৰ্ট মিটাৰৰ বিদ্যুৎ মাচুলৰ নামত হাৰাশাস্তি বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

ধুবুৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
ঢকুৱাখনাৰ কৃষ্ণা মেডিকেলত কিশোৰক নিৰ্মম অত্যাচাৰ: আটক ২ অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in