ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংগঠন নৃত্যাংগণৰ উদ্যোগত ধুবুৰীৰ আৰক্ষী ছাউনীত যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা কথক নৃত্যৰ কৰ্মশালা খনিৰ বুধবাৰে সামৰণি পৰে। উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লক্ষ্ণৌ ঘৰাণাৰ পণ্ডিত বিৰজু মহাৰাজ জীৰ শিষ্য পাৰ্থ মণ্ডল।
উক্ত কৰ্মশালাত ধুবুৰী জিলাৰ ধুবুৰী, গোলকগন্জ, গৌৰীপুৰৰ বিভিন্ন বিদ্যালয়ত পঢ়া কৰা মুঠ ৮০জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। ভাৰত নাট্যমৰ শিক্ষাগুৰু তথা ধুবুৰী নিবাসী এৰিকা নন্দী য়েও এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে, এই কৰ্মশালাত অংশগ্ৰহণ কৰা মুঠ ৮০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৩জন ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হোৱাত নৃত্যাংগণে সেই দুখীয়া ১৩গৰাকী ছাত্ৰ-ছাত্ৰীক কথক নৃত্যৰ প্ৰতি থকা ধাউতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মশালাত অংশগ্ৰহণ কৰাই বিশেষ যত্ন লোৱাও পৰিলক্ষিত হৈছে।
Also Read: গোৱালপাৰাত হাতী-মানুহৰ সংঘাত: এজন নিহত, আহত দুজন...