ডিজিটেল সংবাদ, ধুবুৰী: এসময়ত ধুবুৰী কিয় বিখ্যাত বুলিলে উচ্চাৰিত হৈছিল স্থানীয় জুইশলা কাৰখানাটোৰ নাম৷ প্ৰতিদিনেই পুৱা ৬ বজাত আৰু নিশা ১০টা বজাত কাৰখানাটোত বজা "চাইৰেণ"ৰ ধ্বনিৰ সৈতে অতি পৰিচিত আছিল ধুবুৰীবাসী৷ অৱশ্যে বিগত প্ৰায় ২৭বছৰৰ পৰা বজা নাই এসময়ত ধুবুৰী চহৰৰ সকলো স্থানৰ ৰাইজে শুনিবলৈ পোৱা সেই বিশেষ "চাইৰেণ" সদৃশ ধ্বনি৷
কিয়নো ১৯৯৭ চনৰ পৰা ধুবুৰী জুইশলা কাৰখানা বন্ধ হৈ আছিল। ইতিহাস প্ৰসিদ্ধ ধুবৰীৰ জুইশলা কাৰখানাৰ সম্পত্তি আৰু মাটি আইটিচি কোম্পানী য়ে কামৰূপ আইচ এণ্ড কোল্ড ষ্ট'ৰেজ নামৰ গুৱাহাটীৰ এটা কোম্পানীক বিক্ৰী কৰে। ইয়াৰ পিছতে কামৰূপ আইচ এণ্ড কোল্ড ষ্ট'ৰেজ নামৰ কোম্পানীটোৱে ইতিহাসপ্ৰসিদ্ধ ধুবুৰী জুইশলা কাৰখানাৰ পুৰণি গৃহ আৰু কাৰখানাৰ বহুমূলীয়া সা-সৰঞ্জামসমুহ ভাঙি গুৱাহাটী লৈ লৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰীস্থ উইমকো বাচাও কমিটীৰ কৰ্ম-কৰ্তাসকলে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, ১৯২৫ চনত ধুবুৰী চহৰৰ এম.কো. ৰোড অঞ্চলত ১৩২ বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো৷ আছাম মেটছ কোম্পানী চমুকৈ এ.এম.চি. নামৰ প্ৰখ্যাত চুইডিছ কোম্পানীয়ে ধুবুৰীৰ এই জুইশলা কাৰখানটোৰ উপৰিও মুম্বাই, চেন্নাই, বেৰেলি আৰু ক'লকাতাতো স্থাপন কৰিছিল অনুৰূপ ৪টাকৈ কাৰখানা৷ চৰ্চিত এয়াও যে কোম্পানীটোৰ এই ৫টা কাৰখানাৰ ধুবুৰীৰ জুইশলা কাৰখানাটো আটাইতকৈ লাভদায়ক আছিল৷ ১৯৭৯ চনত জাঠানী গ্ৰুপ অৱ ইন্ড্ৰাষ্টিজ নামৰ আন এটা কোম্পানীয়ে এএম কোৰ পৰা ধুবুৰীসহ অইন চাৰিটা জুইশলা কাৰখানাও ক্ৰয় কৰিছিল৷
জাঠানী কৰ্তৃপক্ষই এই জুইশলা কাৰখানাকেইটাক ৱেষ্টাৰ্ণ ইণ্ডিয়া মেটচ কোম্পানী চমুকৈ উইমকো নামেৰে নতুন নামাকৰণ কৰিছিল৷ সেই সময়ত ধুবুৰী জুইশলা কাৰখানাটোৰ সৈতে জড়িত একাংশৰ মতে ধুবুৰীৰ কাৰখানাটোৰ লাভেৰেই কোম্পানীটোৰ মুম্বাই, চেন্নাই, বেৰেলি আৰু ক'লকাতাৰ জুইশলা কাৰখানাৰ ঘাটি মাৰা হৈছিল৷
কিন্তু পৰিতাপৰ কথা এয়াই যে ১৯৮৮ চনত নতুন আধুনিক যন্ত্ৰাংশ ব্যৱহাৰ কৰিলে কম কৰ্মীৰ প্ৰয়োজন হোৱাৰ যুক্তিৰে সেই সময়ত কৰ্তৃপক্ষই ধুবুৰীৰ জুইশলা কাৰখানাটোৰ বহু কৰ্মীক অব্যাহতি দিছিল৷ অৱশ্যে বাস্তৱত কোনো ধৰণৰ নতুন যন্ত্ৰাংশ অনা হোৱা প্ৰত্যক্ষিত হোৱা নাছিল৷ ভূৰখা মহলৰ মতে তেতিয়াৰ পৰাই লাহে লাহে মৃত্যুমুখী যাত্ৰা আৰম্ভ কৰিছিল ধুবুৰীৰ সেই প্ৰখ্যাত জুইশলা কাৰখানাটো৷
ইফালে ১৯৯৩ চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গছ কটাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ ফলত স্বাভাৱিক ভাৱেই উৎপাদন কমি পৰে জুইশলা কাৰখানাটোৰ আৰু অভিযোগ যে তাৰেই গইনা লৈ ১৯৯৭ চনত জুইশলা কাৰখানাটো বন্ধ কৰি দিয়ে কৰ্তৃপক্ষই৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এয়াও যে জুইশলা কাৰখানাটোত কাৰ্ড বোৰ্ড মেটচ বক্ম আৰু ৱাক্ম মেটচ ষ্টিক বনোৱাৰ উপযুক্ত আন্তঃগাঁথনি থকা স্বত্বেও সেই বিশেষ দিশটো আওকান কৰি ষড়যন্ত্ৰমূলকভাৱে ততাতৈয়াকৈ অকস্মাতে বন্ধ কৰা হৈছিল কাৰখানাটো৷ যদিও ১৯৯৭চনত ধুবুৰী জুইশলা কাৰখানাটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ পিছত ২০১২ চনত আই টি চি নামৰ এটা কোম্পানীয়ে ক্ৰয় কৰে কাৰখানাটো।
কিন্তু কাৰখানা স্থাপনৰ প্ৰতিশ্ৰুতি দি ২০২২ চনত গোপনে ভাগে ভাগে সম্পূৰ্ণ জালিয়াতিৰে কামৰূপ আইচ এণ্ড কোল্ড ষ্ট'ৰেজ নামৰ গুৱাহাটীৰ কোম্পানী এটাক উইমকোৰ মাটি, সম্পত্তি বিক্ৰী কৰি দিছিল আইটিচি কোম্পানীটোৱে। ধুবুৰী উইমকো বাচাও কমিটীৰ সভাপতি মোজাম্মেল হকে আজি ক্ষোভেৰে কয় যে, ধুবুৰী জুইশলা কাৰখানাৰ মাটিৰ লগতে স্থানীয় ৰাইজৰো মাটি কাৰখানা চৌহদত সোমাই আছে।কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰেজ নামৰ কোম্পানী টোৰ ওচৰত আইটিচি য়ে কাৰখানাটোৰ ১১০ বিঘা মাটি পাঁচটা ভাগত ভাগ কৰি বিক্ৰী কৰিছিল।
কাৰখানাৰ মাটি বিক্ৰীৰ বিৰুদ্ধে আৰু জুইশলা কাৰখানাৰ ঠাইত বেলেগ উদ্যোগ গঢ়ি তোলাৰ দাবীত উইমকো বাচাও কমিটীয়ে চহৰখনৰ নেতৃস্থানীয় লোকসকলক লগত লৈ কেইবাবাৰো প্ৰতিবাদী ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল। কিন্তু জিলা প্ৰশাসন, অসম চৰকাৰে ৰাইজৰ প্ৰতিবাদী কণ্ঠক গুৰুত্ব নিদিয়াত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে উইমকো বাচাও কমিটীৰ সভাপতি মোজাম্মিল হকে।
ধুবুৰী উইমকো বাচাও কমিটীয়ে ধুবুৰী জুইশলা কাৰখানাৰ ঠাইত বেলেগ উদ্যোগ বা কল-কাৰখানা স্থাপনৰ দাবী জনাইছে যাতে ধুবুৰীৰ স্থানীয়, খিলঞ্জীয়া যুৱকে ইয়াত কৰ্মসংস্থাপনৰ সুবিধা পায়। ইয়াৰ বিপৰীতে জুইশলা কাৰখানাৰ মাটিত বেলেগ উদ্যোগ স্থাপন নকৰি বসতি ঘৰ বা ফ্লেট আদি নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলালে ভয়াৱহ গণ আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিয়ে ধুবুৰী উইমকো বাচাও কমিটীয়ে।