ধুবুৰীত নিচামুক্তি কেন্দ্ৰৰ নামত ধন সংগ্ৰহ অভিযানঃজিলা সমাজ কল্যাণ বিষয়াক অভিযোগ দাখিল

ধুবুৰীত নিচামুক্তি কেন্দ্ৰৰ নামত ধন সংগ্ৰহ অভিযানঃজিলা সমাজ কল্যাণ বিষয়াক অভিযোগ দাখিল

author-image
Asomiya Pratidin
New Update
ধুবুৰীত নিচামুক্তি কেন্দ্ৰৰ নামত ধন সংগ্ৰহ অভিযানঃজিলা সমাজ কল্যাণ বিষয়াক অভিযোগ দাখিল

ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰীত নিচামুক্তি কেন্দ্ৰ চলোৱাৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰী সাহাৰ্য্য লাভ কৰি নিচামুক্তি কেন্দ্ৰ চলোৱাৰ নামত "নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ ফৰ এডুকেশ্বন" নামৰ এটি এনজিঅ'ই চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ ধুবুৰী জিলা কমিটীয়ে।

"নৰ্থ ইষ্টাৰ্ণ চেণ্টাৰ ফৰ এডুকেশ্বন" নামৰ এনজিঅ' টোৰ মূৰব্বী চফিকুল আলম মণ্ডলে দীৰ্ঘ দিনে নিচামুক্তি কেন্দ্ৰৰ নামত ধুবুৰীত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ ধুবুৰী জিলা কমিটীয়ে। আজি সভাপতি মীৰ্জা আলম সেখৰ লগতে কমিটীটোৰ অন্য কৰ্ম-কৰ্তা সকলে ধুবুৰী জিলা সমাজ কল্যাণ বিষয়া লৈ এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰিছে।

উল্লেখ যোগ্য যে, ধুবুৰীৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ড এলেকাত চফিকুল আলম মণ্ডলে নিচামুক্তি কেন্দ্ৰ এটি স্থাপন কৰি লুণ্ঠন চলাই গৈছে। সেই নিচামুক্তি কেন্দ্ৰটোত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে প্ৰতি বছৰে ৩৩ লাখ টকাকৈ সাহায্য প্ৰদান কৰি আহিছে যদিও নিচা মুক্তি কেন্দ্ৰটোলৈ অহা লোকৰ পৰাও উক্ত এনজিঅ' টোৱে ৪ৰ পৰা ১০হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তথ্য মতে, ধুবুৰীৰ উক্ত নিচা মুক্তি কেন্দ্ৰত ১৫ জন কৈ নিচাত আসক্ত লোকৰ সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰে বছৰি যি ৩৩ লাখ টকাৰ যোগান ধৰিছে সেই বৃহৎ সংখ্যক ধন ১৫ জন আসক্ত লোকৰ বাবে খৰচ হৈছে নে নাই তাক লৈও ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

কাৰণ সেই নিচামুক্তি কেন্দ্ৰটোত মাত্ৰ ৫ৰ পৰা ৮জন বা তাতোকৈ কম লোকক হে ৰখা হয় বুলি অভিযোগত প্ৰকাশ থাকে। ইপিনে নিচা মুক্তি কেন্দ্ৰটো লৈ অহা লোকে ধন আদায় নিদিলে নিচামুক্তি কেন্দ্ৰত নৰখাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ ধুবুৰী গোটৰ সভাপতি মিৰ্জা আলম সেখে।

উল্লেখযোগ্য যে ২০১১ চনৰ পৰা এইগৰাকী চফিকুল আলম মণ্ডলে উক্ত এনজিঅ'টোৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইফালে নিচামুক্তি কেন্দ্ৰটোৰ কাম-কাজৰ প্ৰতিবেদন কাগজে কলমে ঠিকে ৰাখিলেও বাস্তৱত ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে।

তথ্য মতে কেন্দ্ৰীয় চৰকাৰৰ গাইড লাইন অনুসৰি নিচামুক্তি কেন্দ্ৰত ড্ৰাগছ আসক্ত লোকৰ সংশোধনৰ বাবে ১৫ জন কৈ লোক ৰখাৰ নিয়ম যদিও তাকে নকৰি সেই নিচা মুক্তি কেন্দ্ৰটোৱে ৫ ৰ পৰা ৮ জন লোক ৰাখি কাগজে পত্ৰত ১৫ জনৰ পৰা ২০ জন লোক দেখুৱাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। ইফালে নিচামুক্তি কেন্দ্ৰটোত চিকিৎসাৰ বাবে নাই কোনো চিকিৎসক,নাৰ্চ। কেৱল কেন্দ্ৰীয় চৰকাৰৰ ধন আত্মসাত কৰাৰ বাবেই এইগৰাকী চফিকুল আলম মণ্ডলে নিচামুক্তি কেন্দ্ৰৰ জৰিয়তে দীৰ্ঘ দিনৰ পৰাই লুণ্ঠন চলাই আছে বুলি অভিযোগত প্ৰকাশ উল্লেখ কৰিছে।

dhubri rehabilitation centres