ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ধুবুৰীৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অদিত শৰ্মাই বিদ্যালয়খনৰ আমিৰ হুছেইন নামৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত এক তদন্ত চলায় বুলি জানিব পৰা গৈছে।
উল্লেখ যোগ্য যে, আমিৰ হুছেইন নামৰ এগৰাকী শিক্ষকে একেখন স্কুলৰে শিক্ষকৰ সৈতে কাজিয়াত লিপ্ত হৈ মাৰপিট কৰা, শৈক্ষিক পৰিৱেশ বিনিষ্ট কৰাৰ লগতে শিক্ষকগৰাকীয়ে শেহতীয়া কৈ দুজনকৈ ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল।
এনে অভিযোগৰ পাছতে বিদ্যালয়খনলৈ আহি অদিত শৰ্মাই শিক্ষক, আহত ছাত্ৰ দুজনৰ অভিভাৱকৰ সৈতে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইপিনে আজি সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাতত বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে কয় যে গোটেই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তদন্ত অন্ত পৰিলে এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষল প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব।
Also Read: স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টেঙাখাতত চুতীয়া ছাত্ৰ সন্থাৰ পথ অৱৰোধ...