নকল কৰিবলৈ নাপাই পৰীক্ষা বৰ্জন শতাধিক পৰীক্ষাৰ্থীৰ! এই ঘটনা ক'ত, পঢ়ক সবিশেষ...

নকল কৰিবলৈ নাপাই পৰীক্ষা বৰ্জন শতাধিক পৰীক্ষাৰ্থীৰ! এই ঘটনা ক'ত, পঢ়ক সবিশেষ...
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অসম ষ্টেট অ'পেন স্কুলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ শুকুৰবাৰে অসমীয়া বিষয়ৰ পৰীক্ষাত ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষা বৰ্জন কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অসম ষ্টেট অ'পেন স্কুলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে ধুবুৰী জিলাৰ ধুবুৰী সদৰত থকা ধুবুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় দুখনত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল। জিলাখনৰ বিলাসীপাৰাতো এখন পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল বুলি জানিব পৰা গৈছে।

সেইমতে ধুবুৰী ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আলমগন্জ ৰাঙামাটি ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম ধুবুৰী ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আইৰকাটা ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰূপসী দাওভাংগী ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ২৩১ জন পৰিক্ষাৰ্থীয়ে ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়াৰ বাবে তেঁওলোকৰ নাম সন্নিবিষ্ট হৈ আছিল। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অসম ষ্টেট অ'পেন স্কুলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পৰীক্ষাৰ্থী সকলে ইংৰাজী বিষয়ৰ পৰীক্ষা দিছিল।

শুকুৰবাৰে ধুবুৰীৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ্থীসকলে অসমীয়া বিষয়ৰ পৰীক্ষাত ২৩১ জন পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ৯০ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহে যদিও বেছিভাগ পৰিক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ পৰা বিৰত থাকি উক্ত পৰীক্ষাই বৰ্জন কৰে। শুকুৰবাৰে আইৰকাটা ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিক্ষাৰ্থী এগৰাকীয়ে অভিযোগ কৰা মতে, তেঁওলোকে আইৰকাটা ছিনিয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষাগুৰুক পৰীক্ষা কেন্দ্ৰত মুক্ত ভাৱে পৰীক্ষা দিয়াৰ বাবে বেছিকৈ টকা দিছিল। কিন্তু পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰটোত মুক্তভাৱে পৰীক্ষা দিয়াৰ সুযোগ নাপাই শুকুৰবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অসম ষ্টেট অ'পেন স্কুলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা শতাধিক পৰীক্ষাৰ্থীয়ে বৰ্জন কৰে।

নাভূত-নাশ্ৰুত এই ঘটনাটো সংঘটিত হৈছে ধুবুৰীত। অবিশ্বাস্য, যদিও সঁচা। পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ্থীসকলে নিজৰ মোবাইল ফোন লগত লৈ যাব বিচাৰিছিল। কিন্তু পৰীক্ষা কেন্দ্ৰটোৰ কৰ্তব্যৰত শিক্ষকে পৰীক্ষাত মোবাইল লৈ সোমোৱাৰ অনুমতি দিয়া নাছিল। ইয়াকেলৈ ক্ষুব্ধ হৈ প্ৰায় শতাধিক পৰীক্ষাৰ্থীয়ে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অসম ষ্টেট অ'পেন স্কুলৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বহাৰ পৰা বিৰত থাকে।

ক্ষুব্ধ এই পৰীক্ষাৰ্থীসকলৰ অভিযোগ, পৰীক্ষা হ'লত নকল কৰাৰ সুবিধা, মোবাইল নিয়াৰ কোনো বাধা নথকা তথা অনায়াসে নকল কৰি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত কেইগৰাকীমান বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষকে গাইপতিকৈ ৫ৰ ১৫ হাজাৰ টকা তেঁওলোকৰ পৰা সংগ্ৰহ কৰিছিল। পিছে আজি পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীসকলৰ পৰা নকল কৰাৰ প্ৰতিশ্ৰুতিৰে ধন লোৱা সেই ধূৰন্ধৰ শিক্ষাগুৰু কেইগৰাকীৰ আভূৱা ভৰা বিষয়টো স্পষ্ট হৈ পৰে বুলি পৰিক্ষাৰ্থীসকলে অভিযোগ কৰে। ফলত ক্ষুব্ধ সেই পৰীক্ষাৰ্থীসকলৰ গৰিষ্ঠ সংখ্যকে পৰীক্ষা বৰ্জন কৰে আৰু ধন উভতাই দিয়াৰ দাবীত পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

নকল কৰিবলৈ নাপাই পৰীক্ষা বৰ্জন শতাধিক পৰীক্ষাৰ্থীৰ! এই ঘটনা ক'ত, পঢ়ক সবিশেষ...
ৰঙিয়াত ড্ৰাগছ বিৰোধী বাটৰ নাট পৰিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in