ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিয়ে শনিবাৰে ধুবুৰী চহৰত নাৰী নিৰ্যাতন, ধর্ষণ, হত্যা আৰু নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনৰ প্ৰতিবাদত বিক্ষোভ সমদল উলিয়াই। ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ কৰ্ম-কৰ্তাসকলে শনিবাৰে ধুবুৰীৰ কেইবাটাও বাট-পথ পৰিভ্ৰমণ কৰি প্ৰতিবাদকাৰীসকলে হত্যা আৰু ধৰ্ষণ বন্ধ কৰা, হত্যাকাৰীৰ কঠোৰ শাস্তি লাগে, মদ, নিচাজাতীয় ড্ৰাগছৰ প্ৰচলন বন্ধ কৰা আদি বিভিন্ন শ্লোগানেৰে ধুবুৰী চহৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।
শেহতীয়াকৈ কলকাতাৰ আৰ জি কৰ হাস্পতালত মহিলা চিকিৎসক এগৰাকীক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা জনাই এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। আজি ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ সভানেত্ৰীয়ে কয় যে ধর্ষণ আৰু হত্যাকাৰীক চৰম শাস্তি নিদিয়াৰ বাবেই ধৰ্ষণকাৰীৰ সাহস দিনে দিনে বৃদ্ধি পাই আছে। তেওঁ লগতে কয় যে নিচাজাতীয় ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত সমাজত আন এটা ডাঙৰ সমস্যাই দেখা দিছে। এনে জটিল পৰিস্থিতিত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত আজি ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কৰ্ম-কৰ্তা সকলে ধুবুৰীৰ ষ্টেট বেংকৰ সন্মুখত এক গোট হৈ বিক্ষোভো প্ৰদৰ্শন কৰা দেখা যায়।
Also Read: মৰনৈত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল বৃদ্ধ কৃষকৰ