ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান আৰক্ষীৰ। ঠায়ে ঠায়ে আৰক্ষীয়ে পুনৰ চলাব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। সোমবাৰৰ নিশা ধুবুৰীৰ চাপৰত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। কেৱল ধুবুৰী জিলাতেই নিশাৰ ভিতৰত আটক ১৮৫জন লোকক।
খবৰ অনুসৰি ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা ৩৫জনক, গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা ৪২জনক, আগমণি আৰক্ষীয়ে ৭জনক, তামাৰহাট আৰক্ষীয়ে ১২জনক, গৌৰীপুৰত ৪২জনক, বিলাসীপাৰাৰ পৰা ৩০জনক, সাপটগ্রামৰ পৰা ১১জনক, চাপৰ আৰক্ষীয়ে ৬জনক আটক কৰিছে।
ইয়াৰে চাপৰৰ পৰা আটকাধীন লোককেইজনৰ নাম হ'ল ছলেমান আলী, নুৰুল আমিন, ইমদাদুল হক, আব্দুল ছামাদ, মছলেম হক আৰু ছাইফুল। চাপৰৰ বিভিন্ন স্থানত অভিযান চলাই আটাইকেইজনক আটক কৰিছে অভিযানকাৰী দলটোৱে। ইপিনে গোলাঘাটৰ কমাৰবন্ধাতো আৰক্ষী চকীৰ অন্তৰ্গত বামুণ গাঁৱত অভিযান চলাই আৰক্ষীয়ে।
নিশা কমাৰবন্ধা আৰক্ষীয়ে অভিযানত ৰিতুৰাজ শইকীয়া নামৰ এজনক আটক কৰিছে। সমান্তৰালভাবে নগৰবেৰাৰ ভিন্ন স্থানত চলোৱা অভিযানত আটক ৫জন। আটকাধীন লোককেইজন মহেবুব ইছলাম, মহিৰুদ্দিন, শ্বৰিফ আলী, শ্বাহজাহান আলি, মফিজুল হক।
কোকৰাঝাৰ জিলাতো ২৪জনক আটক কৰিছে আৰক্ষীয়ে। ৰঙিয়াৰ তুলসীবাৰী, হাটবজালীৰ পৰাও ৫জনক আটক কৰাৰ বিপৰীতে বাইহাটা চাৰিআলিত ৩জন, চাংসাৰিত এজন, কমলপুৰত এজনক আটক কৰে।
Also Read: অৱশেষত নিলম্বন কৰা হ'ল সীমান্ত শাখাৰ অভিযুক্ত আৰক্ষী বিষয়াক...